ছাদিকুজ জামান, মোৰাঝাৰ
মোৰাঝাৰঃ হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী চৌদিশে উত্থাপিত হৈছে৷ ৰাজ্যৰ ৰাজনীতিত হোজাই জিলাখনে পূৰ্বৰ পৰাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে৷ হোজাই সমষ্টিৰপৰা পূৰ্বৰ চৰকাৰৰ আমোলতো একোজনকৈ বিধায়কে মন্ত্ৰীত্ব দখল কৰি আহিছে৷
বিজেপিৰ নেতা কৰ্মীৰ লগতে সংখ্যালঘু অঞ্চলৰ ৰাইজে বিধায়ক শিলাদিত্যক বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাত কেবিনেট পৰ্যায়ৰ মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিছে৷ সোমবাৰে এক প্ৰেছ বিবৃতিযোগে জামাত ই উলামা ই অসমৰ সাধাৰণ সম্পাদক ফখৰ কাছিমীয়ে কয় যে জামাত ই উলামা ই অসমে বিগত ২০১৬ বৰ্ষৰপৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী জনাই আহিছিল যদিও বিধায়ক গৰাকীয়ে মন্ত্ৰী সভাত স্থান লাভ নকৰাত পুনৰ বাৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী তোলে৷
আজি সাংবাদিকক দিয়া প্ৰেছ বিবৃতিক কাছিমীয়ে কয় যে শিলাদিত্য দেৱ হোজাই সমষ্টিৰপৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিধায়ক গৰাকীয়ে ৰাইজৰ সম উন্নয়ণ ক্ষীপ্ৰ গতিত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হৈছে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বৰ্তমান চৰকাৰৰ সময়ছোৱাত দুৰ্নীতি বহু পৰিমানে কমি গৈছে বুলি কাছিমীয়ে উল্লেখ কৰি কয় যে বিধায়ক গৰাকীৰ কৰ্মৰাজি দেখি সংখ্যালঘু অঞ্চলৰ ৰাইজৰ আস্থা বিজেপিৰ প্ৰতি পূৰ্বৰ তুলনাত এইবাৰ লোকসভা নিৰ্বাচনত বাঢ়িছে৷
হোজাই সমষ্টিত পূৰ্বৰ ১ লাখ ৫ হাজাৰৰ ঠাইত সদ্য ঘোষিত লোকসভা নিৰ্বাচনত এক লাখ আঠাইছ হাজাৰলৈ ভোট বৃদ্ধি হৈছে৷ সংখ্যালঘু অধ্যশিত যমুনামুখ সমষ্টিত ২০১৬ চনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে চাৰি হাজাৰ ভোট পাইছিল আৰু যোৱা লোকসভা নিৰ্বাচনত আঠাইছ হাজাৰ ভোট বিজেপিয়ে লাভ কৰিছে৷ সংখ্যালঘু মুছলমান অধ্যোশিত অঞ্চলত প্ৰায় বিছ শতাংশ ভোট বিজেপিয়ে পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি জামাত ই উলামা ই অসমৰ নেতা ফখৰ কাছিমীয়ে কয় যে বৃহত্তৰ অসমীয়া জাতিৰ সম উন্নয়ণৰ কাৰণে বিধায়ক শিলাদিত্যক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী জনায়৷
কাছিমীয়ে লগতে কয় যে হোজাই বিধানসভা সমষ্টিৰপৰা প্ৰাক্তন বিধায়ক ক্ৰমে প্ৰয়াত শান্তিৰঞ্জন দাসগুপ্ত, প্ৰয়াত সাধনৰঞ্জন চৰকাৰ আৰু প্ৰাক্তন বিধায়ক ডা: অৰ্ধেন্দু কুমাৰ দেই কেবিনেট পৰ্যায়ৰ মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰিছিল৷ ডা: দে কেইবাবাৰো অসম মন্ত্ৰী সভাত স্থান দখল কৰিছিল৷ সেয়েহে বৰ্তমানৰ বিধায়ক শিলাদিত্যয়ো মন্ত্ৰী সভাত স্থান পাব বুলি কাছিমী আশাবাদী৷ ইপিনে, ৰাজনৈতিক সচেতন ব্যক্তি সকলৰ মতে, হোজাই, নগাঁও আৰু মৰিগাঁও জিলাক সামৰি অবিভক্ত নগাঁও জিলায় অসমৰ ৰাজনৈতিক জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এই গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে বৰ্তমান হোজাই জিলাৰ হোজাই সমষ্টিৰ বিধায়ক গৰাকীক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী উত্থাপন কৰে৷