অপুৰ্ব বৰা, তেজপুৰ
তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ মিছামাৰী থেকেৰাজুলি কৃষকৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্যোগ। কৃষি বিভাগে কৃষক সকলক উপকৃত কৰিবলৈ বিনামূলীয়াকৈ কেইবা প্ৰজাতিৰ বিজ যোগান ধৰিছিল। কিন্তু আশ্বৰ্যকৰ বিষয়টো হ’ল ধানৰ পৰিৱৰ্তে হ’ল পতান। যাৰ ফলশ্ৰুতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মিছামাৰী থেকেৰাজুলি প্ৰায় দুশ বিঘা মাটিত ধানৰ পৰিবৰ্তে হৈছে পতান।
কিন্তু জিলা কৃষি বিষয়াৰ এই সন্দৰ্ভত মন্তব্য সম্পূৰ্ণ পৃথক। এই সন্দৰ্ভত কৃষকে ক্ষোভ প্ৰকাশ কৰি কয় একে দোখৰ মাটিত আমি ক্ৰয় কৰি অনা বিজত ধান ওলাই আৰু চৰকাৰীভাৱে দিয়া বিজত পতান ওলাই গতিকে এই সন্দৰ্ভত চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান কৃষকৰ৷ আনহাতে চৰকাৰী বিভাগৰ গাফিলতি বাবে কৃষক সকলে চৰকাৰৰ ওচৰত সহায় দিবৰ বাবে আহ্বান জনায়।
আনহাতে, এই থেকেৰাজুলি অঞ্চলত প্ৰায় ২৫ জন মান কৃষকৰ বাবে এতিয়া হাহাকাৰ আৰু ঋণৰ বুজা। জানিব পৰা মতে বৰ্তমান এই সকল কৃষকক এই মুহুৰ্তলৈকে চৰকাৰে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নায়৷ এই প্ৰসংগত জিলা কৃষি বিষয়া গৰাকীয়ে খেতিয়ক সকলৰ ওপৰত দুখ জাপি দি কয় একেদখৰ মাটিতে এটা খেতি কৰা লগতে সময়মতে কীটনাশক ব্যৱহাৰ নকৰা বাবে এনে হোৱা বুলি উল্লেখ কৰে। এতিয়া কথা হ’ল চৰকাৰী বীজ ৰোপণ কৰি খেতি কৰা লোকসকলৰ খতিয়ান বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লক্ষ্যণীয় হ’ব।