উজ্জ্বল চৌধুৰী, লিডুঃ লিডুত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুয়ে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী৷ সংগঠনটোৰ লিডু আঞ্চলিক পৰিষদে বুধবাৰে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক সজাগতামূলক সমদল বাহিৰ কৰে৷ মাৰ্ঘেৰিটা তথা লিডুৰ বিভিন্ন অঞ্চলত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্য শীঘ্ৰেই প্ৰতিৰোধৰ দাবীত সংগঠনটোৱে এনে দৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ 

সংগঠনটোৰ মুল দাবী নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন শীঘ্ৰেই বন্ধ কৰা, সমাজৰপৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, বিভিন্ন স্থানত মুক্তভাৱে চলি থকা অবৈধ জুৱা খেল বন্ধ কৰা৷ লিডু পাটকাই খেলপথাৰৰপৰা লিডু কলেজ তিনিআলিলৈকে পদযাত্ৰা কৰি সংগঠনটোৰ প্ৰায় তিনি শতাধিক নেতা কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷

উল্লেখ্য যে লিডু, মাৰ্ঘেৰিটা, জাগুন আদি অঞ্চলত শেহতীয়াকৈ অবাধ হাৰত বৃদ্ধি পাব ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ৷ যাৰ পৰিণতিত একাংশ যুৱপ্ৰজন্ম এতিয়া তিলতিলকৈ ধ্বংসৰ দিশলৈ ধাৱমান হোৱাত চিন্তাম্বিত হৈ পৰিছে সচেতনমহল৷