ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ লৰুলাংছ'স্থিত ৰাংছিনা ছাৰপ' সাংস্কৃতিক প্ৰেক্ষাগৃহত আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ক'লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷

আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম বৰ্ষপুৰ্তিৰ প্ৰথম কাৰ্যসূচী হিচাপে গণশিল্পী গৰাকীৰ স্মৃতি আৰু সন্মানৰ বাবেই ৰাভা দিৱসটি উদযাপন কৰা হয় বুলি উদ্যোক্তা সকলৰপৰা জানিব পৰা গৈছে৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠাত জিলাখনৰ সংবাদ জগতৰ লগত জড়িত আৰু সু-লেখক ক্ৰমে লংচিং টেৰণ, সঞ্জু বৰা আৰু জয়ছিং টকবীক বিশেষভাৱে আপকু কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়৷ 

ৰাভা দিৱসৰ আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱাই আপকুৰ পতাকা উত্তোলন কৰে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিপক বৰাই,  শ্বহীদ তৰ্পন কৰে তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক অবিনাশ বৰ্মনে৷ প্ৰয়াত বিষ্ণু ৰাভাৰ প্ৰাতিকৃতিত মাল্যাৰ্পণ কৰে অতিৰিক্ত উপায়ুক্ত, হেমন্ত পেগুৱে৷

মুকলি সভা উদ্ধোধন কৰে হেম্ফু মুক্ৰাং আদৰবাৰৰ সভাপতি লুণচে তিমুঙে৷ উক্ত সভাত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ সভাপতি, সম্পাদক ক্ৰমে, কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে'ৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি আৰু সুধী সকল উপস্থিত থাকে৷ মুকলি সভাত বিশিষ্ট বক্তাসকলে প্ৰয়াত গণ শিল্পী ক'লা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আকষ্মিক বক্তৃতাৰ আয়োজন কৰা হয়৷