গুৱাহাটীঃ টেট পৰীক্ষাকলৈ এতিয়া সকলোফালে এক প্ৰশ্ন উত্থাপন হয়৷ টেট দিবলৈ ডিএলএড তথা বিএড ডিগ্ৰী বাধ্যতামূলক নেকি বুলি? অৱশেষত এই বিষয়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই বিষয়ত নিজৰ মত প্ৰকাশ কৰে৷
শিক্ষাবিভাগে জনোৱা খবৰ অনুসৰি চলিত বছৰৰ অক্টোবৰ, নবেম্বৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। কিন্তু টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড, ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নেকি? এই লৈ ছাত্ৰ–ছাত্ৰী সকলৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছিল। যাৰ ফলত শিক্ষামন্ত্ৰীগৰাকী এই বিষয়ৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷
টেট পৰীক্ষাত বহিবলৈ বি এড অথবা ‘ডি এল এড ডিগ্ৰী বাধ্যতামূলক নহয় বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নূন্যতম শিক্ষাগত অৰ্হতা কিমান হ’ব সেই সম্পৰ্কত শিক্ষা বিভাগে শীঘ্ৰে জাননী জাৰি কৰিব৷ সেইদৰে বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবলৈহে বি এড অথবা ‘ডি এল এড ডিগ্ৰী প্ৰয়োজন বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।
বিদ্যালয়ত নিযুক্তিৰ বাবে যি ৩ টা অৰ্হতাৰ প্ৰয়োজন, সেই হিচাপত নিযুক্তি দিয়া হ’ব শিক্ষক। লগতে হাইস্কুল শিক্ষান্ত বা অন্য পৰীক্ষাত ৫০% নম্বৰ পাব লাগিব বুলি জানিব পৰা গৈছে৷