জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত বগীনদী পঞ্চায়তৰ হেকেৰাজান ভীমপৰাত নাৰ্বাডৰ ৭.২৭ কোটি টকাৰ অনুদানেৰে নিৰ্মাণ কৰা সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ জিঅ’ বেগৰ কামত ব্যাপক দুৰ্নীতি হোৱাত এজাক বৰষুণতে বৰষুণৰ পানিয়ে উটুৱাই নিয়ে জিকবেগ আৰু বৃহৎ গঢ়াখহনীয়া হয় আৰু ঠায়ে ঠায়ে জিঅ’ বেগসমূহ সোৱনশিৰি বাঢ়নি পানীয়ে উটোৱাই নিয়ে।

ঠিকাদাৰে গ্ৰিভেন বক্স নবহোৱাই নিম্নমানেৰে কাম কৰাৰ বাবেই জিঅ বেগসমূহ পানীয়ে উটুৱাই নিছে ৰাইজে অভিযোগ কৰিছে। 

হেকেৰাজান পথাৰৰপৰা ভীমপৰা তিনি আলিলৈকে ১৪০০ মিটাৰ দৈঘ্যৰ খহনীয়া প্ৰতিৰোধৰ জিঅ’ বেগৰ কাম আঠজন ঠিকাদাৰে কৰিছিল। ইয়াৰে দুজনৰ বাহিৰে অন্য চাৰিজনৰ কাম নিম্ন মানৰ হৈছে বুলি ৰাইজৰ অভিযোগ।

এই বিষয়ত বান্ধটো নিৰ্মাণত তদাৰক কৰা জিলাৰ জল সম্পদ বিভাগৰ বিষয়া গৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত তুলুঙাও দাইশৰা মন্তব্য দিয়ে। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী গোপনে ঠিকাদাৰ পক্ষৰ লগত বুজাবুজিৰ বাবেই ৰাইজৰ জীৱন সম্পত্তিক লৈ হেতালি খেলা বুলি গুৰুতৰ অভিযোগ উঠিছে।