কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মাজিয়াহাদিত ৰংখাং উন্নয়ন খণ্ডৰ অধীনৰ এম জি এনৰেগা আঁচনি ৰূপায়নত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি বুলি এক বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। আৱণ্টিত ৩ লাখ টকাৰ বিপৰীতে পুখুৰী নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ ৰূপেশ জহৰিয়ে এক চতুৰ্থাংশ কামো নকৰাকৈ আঁচনিৰ ধন হৰলুকী হোৱা বুলি ৰাইজৰ অভিযোগৰ ভিত্তিত বাতৰি প্ৰকাশ হোৱাৰ পাছতে ঠিকাদাৰ ৰূপেশ জহৰিয়ে সংবাদ মাধ্যমযোগে আঁচনিৰ দুৰ্নীতি সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে।
তথ্য সহকাৰে ঠিকাদাৰ জহৰিয়ে প্ৰকাশ কৰে যে পুখুৰী নিৰ্মাণৰ নামত আৱণ্টিত হোৱা সমস্ত ধন প্ৰকৃততে ঠিকাদাৰক আদায় দিয়া হোৱা নাছিল। এই ধন তিনি পৰ্যায়ত তিনি কিস্তিৰে ৮৪ টা জবকাৰ্ড হিতাধিকাৰীৰ বেংক একাউণ্টত আদায় দিয়া হৈছিল আৰু প্ৰথম পৰ্যায়ৰ কিস্তিত ৯৪১২২ টকা, দ্বিতীয় পৰ্যায়ৰ কিস্তিত ৯০৯০৩ টকা আৰু তৃতীয় পৰ্যায়ৰ কিস্তিত ৮৯১৬৬ টকা আদায় দিয়া হৈছিল ৮৪ টা জৱকাৰ্ড হিতাধিকাৰীৰ বেংক একাউণ্টত বুলি তথ্যসহ প্ৰকাশ কৰে ৰূপেশ জহৰিয়ে।
গতিকে ঠিকাদাৰৰ বিৰুদ্ধে মাজিয়াহাদিৰ এম জি এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতি বা ধন হৰলুকী হোৱা বুলি যি অভিযোগ উত্থাপন কৰিছে তাক খণ্ডন কৰাৰ বিপৰীতে সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু একাংশ ৰাইজৰ ব্যক্তিগত স্বাৰ্থত তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে বুলি প্ৰকাশ কৰে ঠিকাদাৰ ৰূপেশ জহৰিয়ে।
উল্লেখযোগ্য যে, মাজিয়াহাদি গাঁওখনত অঞ্চলটোৰ উন্নয়ন আৰু ৰাইজৰ অভাৱ দূৰীকৰণৰ স্বাৰ্থত ৰংখাং উন্নয়ন খণ্ডৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষত এম জি এনৰেগা আঁচনিৰ জৰিয়তে উক্ত ৰাজহুৱা পুখুৰী নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল। অনুমোদনৰ পাছতেই গাঁওখনত জৱকাৰ্ডৰ যোগেদি আৰম্ভ কৰা হৈছিল পুখুৰী নিৰ্মাণৰ কাৰ্য্য। কিন্তু আশ্চৰ্যজনক নিৰ্মাণ কাৰ্য আৰম্ভ কৰা পুখুৰীটোৰ কাম আজিকোপতি সম্পূৰ্ণ হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা পুখুৰী নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মাজিয়াহাদিবাসীয়ে।
বিপৰীতে ৰূপেশ জহৰিৰ উপৰিও এই ধন আত্মসাৎ কৰা কাৰ্য্যৰ সৈতে পৰোক্ষভাৱে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰী কৰ্মচাৰী আদি লোক লিপ্ত থকাৰো সন্দেহ প্ৰকাশ কৰিছিল গঞা ৰাইজে। আনকি গাঁওখনৰ শতাধিক পুৰুষ-মহিলাই মাইলু উপ আৰক্ষী চকীত উপস্থিত হৈ দুৰ্নীতিৰ প্ৰতিবাদ জনাই ঠিকাদাৰ ৰূপেশ জহৰিৰ বিৰুদ্ধে যোৱা ১ জুলাইত এক গোচৰ পৰ্য্যন্ত ৰুজু কৰিছিল।