জয়ন্ত মুদৈ,নগাঁওঃ ক্ৰীড়া ক্ষেত্ৰখনলৈ নগাঁও জিলাৰ খেলুৱৈয়ে ধাৰাবাহিকভাৱে কঢ়িয়াই অনা ইটোৰ পিছত সিটো সফলতাই জিলাবাসীক গৌৰাম্বিত কৰি অহাৰ সময়তে পুনৰ পয়ত্ৰিশগৰাকীকৈ নগঞা খেলুৱৈয়ে কঢ়িয়াই আনিছে ঈৰ্ষণীয় সাফলতা৷ সদ্য সমাপ্ত নৱম সংখ্যক ৰাষ্ট্ৰীয় ভভিনাম ছেম্পিয়নশ্বিপত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইসকল ক্ৰীড়াবিদে৷
যোৱা পহিলা জুলাইৰপৰা পাঁচ জুলাই লৈ গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা এই প্ৰতিযোগিতাত অসম দলৰ হৈ ভাগ লোৱা এইসকল নগঞা খেলুৱৈয়ে ৬ টা স্বৰ্ণ, ১৯ টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জ পদ দখল কৰি সমগ্ৰ নগাঁও তথা ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিছে৷ ইয়াৰ ভিতৰত কমল বৰাই একোটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জ, মল্লিকা দাসে এটাকৈ সোণ আৰু ব্ৰঞ্জ, স্নেহা কাকতিয়ে এটাকৈ সোণ আৰু ৰূপ, ইভানন শৰ্মাই এটাকৈ সোণ আৰু ব্ৰঞ্জ, অনুষ্কা পৰাশৰ, নয়না দেৱী, প্ৰগতি পল্লৱ বৰা, সুনয়ন ডেকা, দিব্যম গাৰ্গ আৰু অয়ন শৰ্মাই একোটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ তথা তন্ময়ী দেৱ চৌধুৰী আৰু অদ্ৰিক শইকীয়াই দুটাকৈ ৰূপৰ পদক লাভ কৰে৷
ইয়াৰ বিপৰীতে দেৱাংগনা ভূঞা বৰা আৰু অনুৰাগ লস্কৰে একোটাকৈ সোণ, লক্ষ্যজ্যোতি ভূঞা, পল্লৱ জ্যোতি ভূঞা, অচ্যুৎ প্ৰতীম শইকীয়া, দীপাংকৰ বাৰিক, কুসুম্বৰ বৰা, গীবান্তনু ভূঞা আৰু সমুদ্ৰ কুমাৰ ডেকাই একোটাকৈ ৰূপ আৰু ঋষিকা বৰদলৈ, শ্ৰেয়াষী গৌৰব, দিগন্ত ফুকন, স্বপ্নীল শইকীয়া, হেপ্পী দাস, উদয়ন বৈৰাগী, হিমাংকৰ সাহা, দিউক ভূঞা বৰা, ভাস্কৰ প্ৰতীম বৰা, হিমাংশু লস্কৰ, বাস্তৱ শইকীয়া, চিন্ময় আকাশ বৰা আৰু চিন্ময় শইকীয়াই একোটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ এই খেলুৱৈসকলৰ ভিতৰত মল্লিকা দাসে প্ৰতিযোগিতাৰ "বেষ্ট ফাইটা"ৰ সন্মান বুটলিবলৈ সক্ষম হয়৷
উল্লেখ্য যে, অসম দলৰ হৈ প্ৰতিযোগিতাত ভাগ লোৱা এই খেলুৱৈসকল নগাঁও জিলাৰ সমৰকলাৰ অগ্ৰণী শিক্ষানুষ্ঠান "নাইটচ্ সমৰকলা কেন্দ্ৰ"ৰ প্ৰশিক্ষাৰ্থী৷ প্ৰতিবছৰে এই শিক্ষানুষ্ঠাখনৰ প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহন কৰি ধাৰাবাহিকভাৱে পদক লাভেৰে জিলাবাসীক গৌৰাম্বিত কৰি আহিছে৷ ইফালে, এই প্ৰতিযোগিতাতে "নাইটচ সমৰকলা কেন্দ্ৰ"ৰ প্ৰশিক্ষকত্ৰয় মিন্টু গোস্বামীক থাৰ্ড ডান ব্লে’ক বেল্ট, মৃণাল কুমাৰ মহন্তক চেকেণ্ড ডান ব্লেক বেল্ট আৰু ৰিংকু মনি হাজৰিকাক ফাৰ্ষ্ট ডান ব্লেক বেল্ট প্ৰদান কৰে ভভিনাম সমৰকলাৰ গ্ৰেণ্ড মাষ্টাৰ ডঃ বিষ্ণু সাহাই৷
নগঞা খেলুৱৈসকলৰ ঈৰ্ষণীয় সফলতাৰ বাবেই দেশৰ বহুকেইখন ৰাজ্যই অংশ লোৱা এই প্ৰতিযোগিতাখনত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসম দলটোৰ এইবাৰ প্ৰশিক্ষক হিচাপে মিন্টু গোস্বামী আৰু মেনেজাৰৰ হিচাপে আছিল মৃণাল কুমাৰ মহন্ত৷