কনক দেউৰী, খেৰণিঃ কাৰ্বি আংলঙৰ এ এছ ডি চি আঞ্চলিক দলৰ নেতা মহেন্দ্ৰ ৰংপিৰ আকস্মিক মৃত্যু। হঠাৎ ৰাষ্ট্ৰ হৈ পৰা ৰংপিৰ মৃত্যুৰ দু:খবৰে শোকস্তব্ধ কৰি তুলে বৃহত্তৰ খেৰণি, জিৰিকীণ্ডিঙৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ সকলোকে।
বিজেপিৰ প্ৰতি মোহভংগ হৈ বিজেপি দল ত্যাগ কৰি কিছুদিন পূৰ্বে ৰংপিয়ে যোগদান কৰিছিল এ এছ ডি চি আঞ্চলিক দলত। দলৰ আনুগত্য স্বীকাৰ কৰি দলৰ নীতি আৰু আদৰ্শৰে দলীয় কামকাজৰ বাবে আজি জেৰিকীণ্ডিঙৰপৰা ডংকামোকামলৈ গৈ আছিল ৰংপিয়ে। কিন্তু জেৰিকীণ্ডিঙৰপৰা খেৰণিত উপস্থিত হওঁতেই হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু চিকিৎসকৰ পৰামৰ্শ লবলৈ খেৰণি আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ কাষ চাপে ৰংপিয়ে।
কিন্তু দুৰ্ভাগ্যজনক আৰু দুখজনক যে চিকিৎসা প্ৰদানৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে। তাৰ পাছতেই বিয়পি পৰা মৃত্যুৰ খবৰত সহস্ৰাধিক দলীয় নেতা-কৰ্মী, গুণমুগ্ধই মুহুৰ্তৰ ভিতৰতে উক্ত চিকিৎসালয়খনত গৈ উপস্থিত হয় আৰু ভিৰ কৰি তুলে খেৰণি চিকিৎসালয়ৰ চৌহদ।
অৱশ্যে পৰৱৰ্তী সময়ত ৰংপিৰ নশ্বৰদেহ লৈ যোৱা হয় জিৰিকীণ্ডিঙস্থিত নিজ বাসগৃহলৈ। উল্লেখ্য যে, সমগ্ৰ জিলাখনৰ ৰাইজৰ লগতে তেওঁৰ অনুগামী আৰু দলীয় নেতাকৰ্মীয়ে এনেদৰে এগৰাকী অভিজ্ঞ, দক্ষতাপূৰ্ণ ব্যক্তিক আকস্মিকভাৱে হেৰুৱাবলগীয়া হোৱাত মৰ্মাহত হৈ পৰাৰ লগতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
আনহাতে এ এছ ডি চি দলৰ অপূৰণীয় ক্ষতি হৈছে বুলিও মন্তব্য কৰাৰ বিপৰীতে প্ৰয়াত নেতাগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে চিকিৎসালয়ত উপস্থিত হোৱা দলীয় নেতা-কৰ্মীসকলে। বিগত সময়ত কাৰ্বি পৰিষদৰ পৰিষদীয় নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব লৈ দুবাৰকৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰংপিয়ে কেৱল ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজতে আবদ্ধ নাথাকি বৃহত্তৰ খেৰণি, জিৰিকীণ্ডিঙ অঞ্চলত সমাজ সংস্কাৰমূলক কামকাজ, গঠনমূলক কামকাজ, উন্নয়ণ-বিকাশ আদিৰ কামকাজত আগভাগ লৈ অহাৰ উপৰিও বিভিন্ন অনুষ্ঠান, অৰাজনৈতিক সংগঠন, শিক্ষানুষ্ঠান আদিৰ সৈতে জৰিত থাকি সহায় আগবঢ়াই আহিছিল৷
আনকি শিক্ষানুষ্ঠান স্থাপন আদিৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদান আছিল প্ৰয়াত মহেন্দ্ৰ ৰংপিৰ। মুঠতে সকলো ক্ষেত্ৰতে নেতৃত্ব দি সমাজক উন্নতি আৰু পোহৰৰ দিশলৈ আগুৱাই লৈ যোৱাৰ নেৰেনেপেৰা চেষ্টা ৰাখিছিল ৰংপিয়ে লগতে খেৰণি জিৰিকীণ্ডিঙ অঞ্চলত বিপদৰ বন্ধু আছিল তেওঁ সকলোৰে। ৰংপিৰ এনে আকস্মিক মৃত্যুৰ ফলত বৃহত্তৰ অঞ্চলৰ লগতে সমগ্ৰ কাৰ্বি আংলঙতে এতিয়া এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।