পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ হৰিনামৰ ধ্বনিৰে মুখৰিত হব কাজিৰঙাৰ ভূগীবাঢ়নী হৰিনামঘৰ৷ বোকাখাত মহকুমা পালনাম সমিতিৰ বাৰ্ষিক পালনাম আৰু শ্ৰী মদ্ভাগৱত অবিৰত পাঠ অনুষ্ঠানৰ কাৰ্যসূচী ম’তে ২০২০ চনত পশ্চিম কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত এইবাৰ কাজিৰঙাৰ ভূগীবাঢ়নী হৰি নামঘৰত পালনাম ভাগ পাতিবলৈ অনুমতি পোৱাত যোৱা ইংৰাজী ৮-৭-২০১৯ তাৰিখে এখন অভ্যৰ্থনা সমিতি গঠনৰ বাবে কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ সম্পাদক শ্ৰী যুত ঘনশ্যাম বৰদলৈয়ে জানিবলৈ দিয়ে৷ 

বৃহস্পতিবাৰে সভাত উপস্থিত আছিল বোকাখাত মহকুমাৰ পালনাম সমিতিৰ সভাপতি শ্ৰী যুত খগেশ্বৰ বৰা দেৱও মুখ্য সম্পাদক শ্ৰী যুত বিনন্দ বৰুৱা দেৱৰ লগতে বিষয়ববীয়াসকল আৰু উপস্থিত আছিল পশ্চিম কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ অন্তৰ্গত ৮ টা হৰি নামঘৰৰ বিষয়ববীয়াসকল৷ 

কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ সম্পাদকে জানিবলৈ দিয়ে যে কালিৰ সভাত ভূগীবাঢ়নী গাঁৱৰ নামঘৰত পালনাম ভাগ ১০ দিনিয়াকৈ পাতিবৰ বাবে অহা ২২ তাৰিখলৈ ( ইংৰাজী ২৮-৩-২০২০ তাৰিখৰপৰা ৫-৪-২০২০) লৈ সভাত প্ৰস্তাৱ লোৱা হয়৷ এই পালনাম ভাগৰ কাৰণে অভ্যৰ্থনা সমিতিখন গঠন কৰা হয় কালি অনুষ্ঠিত কৰা সভাত। 

অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী যুত টংকেশ্বৰ বৰা দেৱক প্ৰস্তাৱ আকাৰে উক্ত সভাত নিৰ্বাচিত কৰে আৰু মুখ্য সম্পাদক শ্ৰী যুত পৰেশ দুৱাৰা দেৱকো সভাত নিৰ্বাচিত কৰে৷ বিভিন্ন বিভাগত কাৰ্যকৰী সভাপতি শ্ৰী অনন্ত শইকীয়া, উপসভাপতি শ্ৰী দিগন্ত বৰা, লোকেশ্বৰ নাথ, যুতীয়া সম্পাদক ঘনশ্যাম বৰদলৈ, গজেন বৰুৱা, সংস্কৃতিক সম্পাদক প্ৰচেনজিৎ দুৱৰা, মুন সোণোৱাল, প্ৰচাৰ সম্পাদক শ্ৰী যুত ৰঞ্জিৎ ৰজক, শ্ৰী স্বপন নাথ, শ্ৰী ধ্ৰুৱজ্যোতি সাহা, শ্ৰী মনোজ প্ৰতিম শইকীয়া, সংগঠনিক সম্পাদক শ্ৰী মহেন্দ্ৰ গগৈ, বিপিন বৰুৱা, প্ৰফুল্ল দুৱৰা, বিত্ত সম্পাদক শ্ৰী যুত ৰাতুল হাজৰিকাক লৈ আদৰণি সমিতিখন গঠন কৰা হয়৷