বৰপেটাৰোডঃ কেইবাদিন দিন ধৰি মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আদি কৰি ইয়াৰ উপ-নদী সমূহ ফেনে-ফোঁটোকাৰে পানী বাঢ়ি অহাৰ ফলত বহু লক্ষধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথ, কৃষিভূমি বানত জলমগ্ন হোৱাৰ লগতে বহু কেইজনৰ সলিল সমাধিও হ’বলগীয়া হৈছে বানত।

ঠিক তেনেদৰে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰোডৰ সমীপৰ বেকী আৰু পল্লা নদীৰ বানে বহু হাজাৰধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথৰ লগতে বহু  লক্ষাধিক হেক্টৰ-ভূমিৰ শালি-লাহি ধানৰ ৰোপিত কৃষি ভূমি জলমগ্ন হোৱাত দৰিদ্ৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে মূৰে কপালে হাত দিবলগীয়া হৈছে। 

ইফালে, বিটিচিৰ পৰিষদীয় সমষ্টিৰ অধীনস্থ বেকী নদীৰ বানে খাৰিজা-বিজনী অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত মথনগুৰি সমষ্টিৰ এম চি এল এ গৌতম দাসে বানপীড়িত অঞ্চলত পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ পিছতে বৰপেটা এল পি স্কুলত ১১০ জন লোকক  আৰু পূব খাৰিজা বিজনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় লৈ থকা ৮৪ টা পৰিয়ালৰ লোক সকলৰ মাজত আঁঠুৱা বিতৰণ কৰাৰ লগতে বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াত উছন হোৱা টিলাবঢ়ী  গাঁৱখনৰ বহু কেইটা পৰিয়ালৰ মাজত টিৰপাল প্ৰদান কৰে।