সমলৈ আহিছে এক সুখবৰ৷ ৰাজ্যৰ বিশিষ্টা সাহিত্যিক তথা গীতিকাৰ এলি আহমেদলৈ আগবঢ়োৱা হৈছে এক ৰাষ্ট্ৰীয় সন্মান৷ কেন্দ্ৰীয় চৰকাৰৰ social justice and empowerment বিভাগে ২০১৯ বৰ্ষৰ ‘বয়োশ্ৰেষ্ঠ সন্মান’ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে এলি আহমেদক। প্ৰতি বছৰেই দেশৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে এই বঁটা। ২০১৯ বৰ্ষত পদ্মশ্ৰী এলী আহমেদক ‘সৃষ্টিশীল লেখা’ৰ বাবে এটা সন্মান আগবঢ়াইছে social justice and empowerment বিভাগে। ৰাজ্যৰ বিশিষ্টা সাহিত্যিকগৰাকীক এটা বঁটা প্ৰদানৰ কথা এক বিবৃতিযোগে জনায় কেন্দ্ৰীয় চৰকাৰৰ social justice and empowerment বিভাগৰ উপ-সচিব এছ এছ কুমাৰে। উল্লেখ্য যে, দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই অহা ৩ অক্টোবৰত এই বঁটা প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হব লগা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আৰম্ভ হব সন্ধিয়া ৫ বজাৰ পৰা।

এলি আহমেদৰ বিষয়েঃ

১৯৩৪ চনৰ ১৪ মাৰ্চত শিৱসাগৰৰ নাজিৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালত এলি আহমেদৰ জন্ম হয়৷ তেওঁৰ পিতৃ আব্দুৰ ৰশ্বিদ পেশাত আছিল এজন শৈল চিকিৎসক৷ তেনেই কণমান বয়সতে মাতৃহাৰা হোৱা এলি সৰুৰেপৰা প্ৰতিভাসম্পন্ন আছিল৷ এলি আহমেদ কেৱল সাহিত্যিক আৰু গীতিকাৰেই নহয় তেওঁ একাধাৰে চিত্ৰনাট্যকাৰ, নিৰ্দেশক, অভিনেত্ৰী, কষ্টিউম ডিজাইনাৰ আৰু সমাজকৰ্মীও৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন অসমীয়া মহিলা আলোচনীৰ নাম হ’ল ‘ওৰণি’৷ ১৯৭০ চনৰ পৰা এই আলোচনীখন প্ৰকাশ পাই আহিছে৷ এলি আহমেদেই হ’ল ‘ওৰণি’ৰ প্ৰকাশক,সম্পাদক আৰু স্বত্বাধিকাৰী৷ সৰুতে তেওঁ স্বৰচিত কবিতা আৰু শিশু পদ্য আবৃত্তি কৰিছিল। ১৯৬৭ চনত তেওঁ ‘ৰং চ'ৰা’ নামৰ এটি শিশুৰ সাংস্কৃতিক দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁৰ প্ৰথম সংগীতানুষ্ঠান ‘ভাগ্যৰ চকৰি ঘূৰে’ ১৯৬২ চনৰ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনত পৰিবেশিত হৈছিল। সৰুৰে পৰা অনেক পুৰোধা ব্যক্তিৰ সংস্পৰ্শলৈ আহিবলৈ সক্ষম হোৱা এলি আহমেদক কবি নলিনীবালা দেৱীয়ে ‘পখিলা’, সাহিত্যিক-গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘বেলি’, ছবি নিৰ্মাতা ব্ৰজেন বৰুৱাই ‘গীত’ আৰু অসম গৌৰৱ ডঃ ভূপেন হাজৰিকাই ‘ৰং’ বুলি মৰমতে সম্বোধন কৰিছিল৷ বন্ধু মহলত এলি পৰিচিত আছিল ‘জুই’ নামেৰে৷ 

কৰ্মৰে বৰ্ণাঢ্য জীৱনঃ

‘ফুল ফুল ফুল ফুলে মেলিলে পাহি...চৌপাশতে অলি উৰিলে আহি’ ছবি ‘ডঃ বেজবৰুৱা’ৰ অতি জনপ্ৰিয় গীত এইটো৷ এই গীতটিৰে অসমৰ সংগীত জগতত গীতিকাৰ হিচাপে ভৰি দিয়ে এলি আহমেদে৷ ইয়াৰ পাছতে ‘বৰুৱাৰ সংসাৰ’ৰ জৰিয়তে তেওঁ উপহাৰ দিয়ে গা গা আজি গাই যা, গা এই গীতকে গা, যা যা নাচি নাচি নিজক পাহৰি যা’ এই অন্যতম জনপ্ৰিয় গীতটি৷ দুইটা গীততে কণ্ঠ নিগৰাইছিল দ্বীপেন বৰুৱাই৷ এলি আহমেদে

অসমীয়া ছবিঃ

গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰা অসমীয়া ছবি কেইখন হ’ল-

ডঃ বেজবৰুৱা
বৰুৱাৰ সংসাৰ
সাদৰী
সোণমইনা
প্ৰতিদিন
যখিনী
ধ্রুৱতৰা
দেৱতা
বনফুল 
ৰিক্সাৱালা 
ককাদেউতাৰ ঘৰ জোৱাই আদি৷

ধাৰাবাহিকঃ

অসমীয়া ছবিৰ লগতে তেওঁ ধাৰাবাহিকৰ বাবেও গীত লিখিছিল 

প্রগতি কি ঔৰ
গধুলি 
শাহু আই 
নৰ্তকী 
জীৱনধাৰা 
শিক্ষাবন্তি
চাহোৱাল
অপবাদ আদি৷

ছবিৰ চিত্ৰনাট্যঃ

তেওঁ কেইবাখনো ছবিৰ চিত্ৰনাট্য লিখিছিল। তাৰে কেইখনমান হ'ল-

ধ্ৰুৱতৰা
বৰদৈচিলা
বনফুল
জনমভূমি

তথ্যচিত্ৰৰ চিত্ৰনাট্যঃ

অল্ড মনোমেণ্ট অফ আহোম এইজ,
চাইল্ড চাইক'লজি,
মহাশ্বেতা,
চৈয়দ আব্দুল মালিক,
দা মিল্ক

নাটকঃ

কথাটো নো কি
চাকিনা জেঠাইৰ মণি
ককা দেউতাৰ সাধু
নাটোচলা
আমি অভিনয় কৰা নাই

গল্পঃ

বৰুৱাৰ সংসাৰ
যখিনী
বনফুল
মুখাগ্নি
জনমভূমি
এই গল্পকেইটাকে চিত্ৰনাট্যৰ ৰূপ দি ছবিকেইখন নিৰ্মাণ কৰা হৈছিল৷ 

কিতাপঃ

অংকুৰ (চুটি গল্পৰ সংকলন)
মণিৰাম দেৱান
ৰংমনৰ মন
মই কেতিয়া আইতা হ'ম
অসমৰ বীৰাংগনা 

বঁটা, সন্মানঃ

এলি আহমেদ অসম সাহিত্য সভাৰ জীৱনজোৰা সদস্য।
১৯৭৬ চনত বনফুল গ্ৰন্থৰ বাবে প্ৰাপ্ত বয়স্কৰ শিক্ষা বিষয়ত ৰাষ্ট্ৰীয় সাহিত্য বঁটা৷
২০১১ চনত ডঃ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা৷ 
২০১৩ চনত অমলপ্ৰভা দাস বঁটা৷ 
২০১৫ চনত  বাল সাহিত্য পুৰস্কাৰ৷
২০১৭ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত৷
২০১৯ চনত ‘বয়োশ্ৰেষ্ঠ সন্মান’৷

এলি আহমেদৰ সৃষ্টিৰাজিৰ ভিতৰত ৰোমন্থন, অসম জ্যোতি অন্যতম৷ বিগত কেইবা দশক ধৰি অসমীয়া সাহিত্য, সাংস্কৃতিক ক্ষেত্রলৈ বিশেষ অৱদান আগবঢ়াই অহা এলি আহমেদে অনাগত সময়তো নিজস্ব সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য, শিশু সাহিত্য তথা গীতৰ জগতক সমৃদ্ধ কৰিব বুলি অসমবাসী আশাবাদী৷