কোকৰাঝাৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়তকৈ সাংসদ নৱ কুমাৰ শৰণীয়া বেছি ভয়ানক। উচ্চ ন্যায়ালয়ৰ ৰায়দানে কাকো ক্ষতি নকৰ কিন্তু সাংসদ নৱ কুমাৰ শৰণীয়াই ক্ষতি কৰিব। গতিকে নৱ কুমাৰ শৰণীয়াৰ পৰা সাৱধান হ’ব লাগে। এই মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চিকনাঝাৰ টাইকোৱানডো জিমনেচিয়ামত আজিৰে পৰা সদৌ বড়োলেণ্ড টাইকোৱানডো এচোচিয়েচনৰ ৰূপালী জয়ন্তী আৰু প্ৰতিযোগিতা উপলক্ষে পতাকা উত্তোলন কৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে। সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াক দুইনম্বৰী আৰু মিছলীয়া আখ্যা দি সমাজ, জাতিৰ মাজত বিভাজন অনাটোৱেই তেওঁৰ কাম বুলি মন্তব্য কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ অৰ্হতাসম্পন্ন তথা সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠীসমুহ শংকিত হোৱাৰ কাৰণ নাই বুলিও মন্তব্য কৰে তেওঁ।
ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অনা ট্ৰাইবেলক উচ্ছেদ ধাৰণাটো সম্পূৰ্ণ ভুল বুলি মন্তব্য কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে হে জিলা উপায়ুক্তৰ পৰা শপতনামা বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উক্ত বিষয়টোকে নৱ কুমাৰ শৰণীয়াই বড়ো অবড়োৰ ৰূপ দি ৰাজনীতি কৰিব বিচৰা কাৰ্যক গৰিহণা দিয়ে বিশ্বজিৎ দৈমাৰীয়ে।
আনহাতে ক্ৰীড়া বিষয়টো যিহেতু বিটিচিলৈ হস্তান্তৰ কৰিছে সেয়েহে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত অসমৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সলনি বডোলেণ্ডৰ পৰা প্ৰত্যক্ষভাৱে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব লাগে আৰু তাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু অতিশীঘ্ৰে স্বীকৃত লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে।
ইয়াৰ পূৰ্বে ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেচনেও সাংসদ নৱ কুমাৰ শৰণীয়াক বিটিএডিবাসীৰ বাবে বিপদজনক আখ্যা দিছিল। সোমবাৰে এখন সংবাদমেলত সংগঠনটোৱে সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰি অকল ৰাজনৈতিক লাভালাভৰ বাবেহে শৰণীয়াই ৰাইজক বিভ্ৰান্ত কৰিছে বুলি দাবী কৰে।
লগতে ট্ৰাইবেল বেল্ট আৰু ব্লকত সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠীসকল সুৰক্ষিত বুলি জানিও শৰণীয়াই কুটিল ৰাজনীতি কৰা বুলি মন্তব্য কৰি ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেচন, অসমৰ সভাপতি মাৰ্কুছ বসুমতাৰীয়ে নৱ কুমাৰ শৰণীয়াক কুটিল ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ৪৫০০০০ বিঘা ভূমি আজি বেদখল হোৱা কথাটো সত্যত পৰিণত হৈছে বুলি মন্তব্যৰে সাংসদ নৱ কুমাৰ শৰণীয়াক বড়ো-অবড়োৰ নামত নীচ ৰাজনীতি নকৰি বৰাক উপত্যকাত হোৱা বাঙালীৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈকো পৰামৰ্শ আগবঢ়াই সংগঠনটোৱে।
উল্লেখ্য যে, ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেচন, অসম আৰু প্ৰদ্যুত কুমাৰ বৰাৰ পিআইএল নং-৭৭/১২ ৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৪৭ টা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অৰ্হতাহীন অজনজাতীয় লোকসকলক উচ্ছেদ সন্দৰ্ভত সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু বিটিচিৰ মুখ্য সচিবক অহা ৩ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যাক্তিগত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিছতেই বিটিচিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।