নতুন দিল্লীঃ সমগ্ৰ দেশ এতিয়া CAA আৰু NRCক লৈ উত্তাল। ইয়াকে লৈ চৌদিশে শুনা গৈছে 'কাগজ হম নহী দিখায়েংগে’ অৰ্থাৎ 'কাগজ আমি নেদেখুৱাও’ৰ দৰে শ্ল’গান। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ কৈ আহিছে যে CAA হ’বই। অথচ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে জন্মৰ প্ৰমাণ-পত্ৰ সন্দৰ্ভত মোদীৰ নিজৰেই নাই কোনো কাগজ! এক আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই আৰু সদৰী কৰিছে যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী মোদী জন্মসূত্ৰেই ভাৰতীয়।
উল্লেখ্য যে শুভংকৰ সৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে আৰটিআইৰ জৰিয়তে জানিব বিচাৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নাগৰিকত্ব সন্দৰ্ভত কি কি নথি-পত্ৰ আছে। উক্ত আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিব প্ৰবীণ কুমাৰে জনাইছে যে কোনোধৰণৰ নথি-পত্ৰ নাথাকিলেও ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী মোদী জন্মসূত্ৰেই ভাৰতীয়।
'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী জন্মসূত্ৰেই ভাৰতীয় আৰু সেয়েহে নাগৰিকত্ব প্ৰমাণৰ বাবে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ থাকিব লাগে বুলি প্ৰশ্নই উত্থাপিত হ’ব নোৱাৰে।’-শুভকংৰে আৰটিআইত কৰা প্ৰশ্নৰ উত্তৰত এইদৰে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। এই উত্তৰৰ পিছতে টুইটাৰত ভিন্নজনে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।
আৰটিআইৰ এই উত্তৰক লৈ সাংবাদিক ছিমি পাছাই টুইটযোগে প্ৰশ্ন কৰিছে, 'যদিহে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী জন্মসূত্ৰে ভাৰতীয় নাগৰিক হোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্বৰ প্ৰমাণ বেলেগকৈ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে তেন্তে জন্মসূত্ৰে ভাৰতীয় বাকীসকল লোকৰ পৰা কিয় প্ৰমাণ পত্ৰ বিচৰা হৈছে?’
If PM @narendramodi does not require to register his citizenship, as per Section 3 of the Citizenship Act 1955, then why should others?
— seemi pasha (@seemi_pasha) February 29, 2020
Here is the PMO’s response to an RTI filed by Subhankar Sarkar (632/2020-PME) #CAA_NRC_NPR #DelhiRiot2020 #DoubleStandards pic.twitter.com/WydrnFMZt8
কেবাখনো ৰাজ্যতে CAA আৰু NRCক লৈ দেখা গৈছে তীব্ৰ প্ৰতিবাদ। বিজেপিক বাদ দি কংগ্ৰেছ তথা অন্য দল শাসিত ৰাজ্যসমূহে বিধানসভাত গ্ৰহণ কৰিছে CAA আৰু NRC বিৰোধী প্ৰস্তাৱ। দিল্লীত কেন্দ্ৰ চৰকাৰৰ উক্ত সিদ্ধান্তক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে হিংসাত্মক ঘটনা। ইমানৰ পিছতো নিজ স্থিতিৰ পৰা অকণো লৰচৰ কৰিবলৈ প্ৰস্তুত হোৱা নাই মোদী চৰকাৰ।
এনে এক সময়তে শুভংকৰ নামৰ লোকজনৰ আৰটিআইৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নাগৰিকত্ব সন্দৰ্ভত মোদীৰ কোনো কাগজ-পত্ৰ নথকা বুলি জনোৱা বিষয়টোৱে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ। একাংশ লোকে মন্তব্য কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ নিজৰেই নাগৰিকত্ব প্ৰমাণ কৰিব পৰাকৈ কাগজ-পত্ৰ নাই, অথচ তেওঁৰ নেতৃত্বাধীন চৰকাৰে সাধাৰণ নাগৰিকৰ পৰা ইখনৰ পিছত সিখন কাগজ বিচাৰি ফুৰিছে।