বঙাইগাঁওঃ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত জাৰি কৰা লকডাউনক যিধৰণে ৰাজ্যৰ অধিকাংশ লোকে সহাৰি জনোৱাৰ বিপৰীতে আন একাংশ লোকে আকৌ বিভিন্ন অজুহাতত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে৷ যোৱা ৪ দিনৰ দৰেকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে লকডাউন উলংঘা কৰা ঘটনা৷ এনে পৰিস্থিতিত ৰাজ্যবাসীক কৰ’নাৰ পৰা মুক্ত কৰি ৰখাৰ স্বাৰ্থত কম-বেছি পৰিমাণে কঠোৰ হৈ পৰিবলৈ বাধ্য হৈ পৰিছে আৰক্ষী প্ৰশাসন৷
দেওবাৰৰ দিনটোত আৰক্ষীৰ এনে কঠোৰ ৰূপ দেখা গ’ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰামৰ আলোকঝাৰি সপ্তাহিক বজাৰত। এই বজাৰখনত আজি দিনৰ ভাগত লকডাউন অমান্য কৰি একাংশ লোকে ভিৰ কৰাৰ খবৰ পোৱাত আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হয়৷ দণ্ডাধীশ শুভ্ৰম আদিত্য বৰা আৰু অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে বজাৰত উপস্থিত হৈ বাৰাম্বাৰ লোকসকলক বজাৰ ত্যাগ কৰিবলৈ আহ্বান জনায়। কিন্তু আৰক্ষীৰ আহ্বানলৈ বহুতেই গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।
ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী দলটো কঠোৰ হ’বলৈ বাধ্য হয়৷ আৰক্ষীয়ে লোকসকলৰ ওপৰত লাঠিচালনা কৰাৰ উপৰিও কেবাখনো মটৰ চাইকেলৰ ক্ষতি-সাধন কৰে। NNOৰ হাতত পৰা এটা ভিডিঅ’ ফুটেজত কেবাজনো আৰক্ষী কনিষ্টবলে আক্ৰমণাত্মক হৈ বহুকেইখন চাইকেলত লাঠিৰে কোবাই, পাম্প এৰি দি কুৱা এটাত পেলাই দিয়া দেখা গৈছে। ভিডিঅ’টোত আৰু দেখা গৈছে যে বিক্ৰীৰ বাবে অনা শাক-পাচলিও আৰক্ষীয়ে দলিয়াই পেলাই দিছে।
আৰক্ষীৰ এনে আক্ৰমণাত্মক ৰূপক লৈ ৰাজ্যজুৰি দুইধৰণে চৰ্চা চলা দেখা গৈছে। একাংশ লোকে নিয়ম নমনাসকলৰ বিৰুদ্ধে এনেদৰে কঠোৰ হ’লেহে কৰ’নাৰ ভয়াৱহতা বুজি পাব বুলি মন্তব্য কৰিছে। আন একাংশই আকৌ এনেদৰে জধে-মধে বাইকৰ ক্ষতিসাধন কৰা, বাইচাইকেল কুৱাত দলিয়াই দিয়া কাৰ্যক আৰক্ষীৰ গুণ্ডাৰাজৰ সৈতে তুলনা কৰিছে।
'আৰক্ষীৰ দায়িত্ব হৈছে শান্তি-শৃংখলা বজাই ৰখা। সকলো কাম কেৱল লাঠিডালেৰেই কৰিবলৈ যোৱাতো ভুল। গুণ্ডাইহে এনেদৰে বাইকত কোবাই ভাঙি পেলাই, চাইকেল দলিয়াই দিয়ে। আৰক্ষীয়ে তেনে কৰিলে শোভা নাপায়। আৰক্ষীয়ে আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা লওক। আটক কৰক, জৰিমনা বিহক, জেললৈ প্ৰেৰণ কৰক। তাকে নকৰি এইবোৰ কৰিলে আৰক্ষী আৰু জনসাধাৰণৰ দূৰত্ব আৰু বৃদ্ধিহে পাব।’-এইদৰে কয় বঙাইগাঁও জিলাৰ এগৰাকী সচেতন ব্যক্তিয়ে।
উল্লেখ্য যে লকডাউনৰ প্ৰথম দিনা দিল্লীত অনুৰূপ ধৰণে ২জন আৰক্ষীৰ কনিষ্টবলে শাক-পাচলিৰ ব্যৱসায়ীসকলক লাঠিৰে প্ৰহাৰ কৰাৰ লগতে সেইবোৰ নষ্ট কৰি দলিয়াই দিছিল। এই ঘটনাৰ কথা দিল্লী আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই জানিব পৰাৰ পিছতে দুয়োকে চাকৰিৰ পৰা নিলম্বিত কৰে। এতিয়া বঙাইগাঁৱৰ আজিৰ ঘটনাৰ দৃশ্য প্ৰত্যক্ষ কৰি অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্তা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।