মোৰাঝাৰঃ কৰ'না ভাইৰাছৰ প্ৰতিৰোধ আৰু চিকিৎসা সেৱা আদি কামৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যখনৰ সকলো শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা বৰঙণি হিচাপে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়োৱাৰ সিদ্ধান্তৰ উপৰিও মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০ শতাংশ বিত্ত বিভাগে ঋণ হিচাপে কাটি ৰখাৰ সিদ্ধান্তক আদৰণি জনাইছে হোজাই জিলাৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে।
আজি এক বিবৃতিযোগে এই কথা জনাইছে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহম্মদ বৰভূঞা আৰু সাধাৰণ সম্পাদক প্ৰণৱ চৌধুৰীয়ে। সভাপতি বৰভূঞাই কয়, 'সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ এই সংকটৰ সময়ত আমাৰ এই বৰঙণি আৰু ত্যাগ মানুহে মানুহৰ বাবে সেৱা আগবঢ়োৱাৰ এটি সুবৰ্ণ সুযোগ। জাতীয় জীৱনৰ এনে এক জটিল সন্ধিক্ষণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে লোৱা উক্ত পদক্ষেপ নিশ্চিতভাৱে সময়োপযোগী, আদৰণীয় আৰু মানৱ জাতিৰ কল্যাণৰ হকে লোৱা সিদ্ধান্ত।'
তেওঁ আৰু কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে জন্মলগ্নৰে পৰাই সকলো সময়তে ৰাজ্যখনৰ জনগণৰ সামূহিক কল্যাণৰ হকে কাম কৰি যোৱাত শিক্ষক, বিষয়া-কৰ্মচাৰীৰ এই বৃহৎ সংগঠনটোৰ প্ৰতি কৰ্মচাৰীৰসকলৰ আস্থা সদায় অক্ষুন্ন থকাৰ উপৰিও যিকোনো তাৎক্ষণিক সিদ্ধান্তকো সকলোৱে বিনা দ্বিধাই মানি লোৱাটো স্বাভাৱিক। সভাপতিগৰাকীয়ে এই ছেগতে ক'ৰোনা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে লোৱা প্ৰতিটো পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে যিসকল বিষয়া-কৰ্মচাৰী, আৰক্ষী, স্বাস্থ্য সেৱাত নিয়োজিতসকলকে ধৰি চাফাই কৰ্মী আৰু মানুহৰ জীৱন ৰক্ষাৰ এনে মহান কামত নিয়োজিত সকলোকে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
সাধাৰণ সম্পাদক প্ৰণৱ চৌধুৰীয়ে কৰ'না প্ৰতিৰোধৰ বাবে হোজাই জিলা প্ৰশাসনে বান্ধি দিয়া প্ৰতিটো নিৰ্দেশনা সম্পূৰ্ণ ৰূপে পালন কৰিবলৈ সৰ্বস্তৰৰ জনসাধাৰণক অনুৰোধ জনাই কয় যে, যিহেতু হোজাই জিলা প্ৰশাসনে এই দুৰ্যোগৰ সময়ত যি তৎপৰতাৰে জনগণক সেৱা আগবঢ়াই গৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয়। জিলা প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাতো হোজাইবাসীৰ মানৱীয় কৰ্তব্য হিচাপেও অভিহিত কৰে সম্পাদকগৰাকীয়ে।