শ্ৰীনগৰঃ সমগ্ৰ বিশ্বত কৰ’না আতংক অব্যাহত থকাৰ মাজতে গুলীৰ শব্দত শনিবাৰে নিশা কঁপি উঠে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলা। এই গুলীয়াগুলিত দুগৰাকী শীৰ্ষ সেনা বিষয়াসহ শ্বহীদ হৈছে ৫জনকৈ নিৰাপত্তাৰক্ষী।
সন্ত্ৰাসবাদীৰে হোৱা তুমুল সংঘৰ্ষত প্ৰাণ হেৰুওৱা সেনা বিষয়া দুজনৰ এজন হৈছে কৰ্ণেল আৰু আনগৰাকী মেজৰ। শ্বহীদ হোৱা বাকী ৩জনৰ এগৰাকী আৰক্ষী বিষয়া আৰু দুগৰাকী হৈছে সেনা জোৱান।
আৰক্ষী সূত্ৰই জনোৱা মতে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ এটি দলে জিলাখনৰ হাণ্ডাৱাৰা অঞ্চলত শনিবাৰে নিশা অভিযান চলায়। অভিযানকালত সেনা-আৰক্ষীৰ দলটোৱে অঞ্চলটোত বাহৰ পাতি থকা সন্ত্ৰাসবাদী দলটোৰ কবলৰ পৰা কেবাজনো অসামৰিক লোকক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ লৈ আনে।
ইফালে, নিৰাপত্তীৰক্ষী অহাৰ উমান পাই সন্ত্ৰাসবাদীৰ দলটোৱে গুলীয়াবলৈ আৰম্ভ কৰে। দুয়োপক্ষৰ মাজত কেবাঘণ্টা ধৰি হোৱা গুলীয়াগুলিত ২ সন্ত্ৰাসবাদী সদস্য নিহত হয় যদিও অভিযানকাৰী দলটোৱেও ৫জনকৈ জোৱানক হেৰুৱাবলগীয়াত পৰে।
'আমাৰ দলটোৱে নাগৰিকসকলক সন্ত্ৰাসবাদীৰ কবলৰ পৰা যথেষ্ট সাহকিতাৰে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। কিন্তু হঠাৎ কৰা আক্ৰমণত আমাৰ ৫ জনকৈ জোৱান শ্বহীদ হ’বলগীয়া হৈছে।’-এইদৰে কয় জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।