নতুন দিল্লীঃ দেশত আজিৰে পৰা আৰম্ভ হৈছে লকডাউনৰ তৃতীয় পৰ্যায়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মুঠ ৪০ দিনীয়া লকডাউনৰ সমাপ্তিৰ পিছত কৰ’না আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছে ৪০ হাজাৰৰ সীমা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী আজি পুৱাৰ ভাগলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪২ হাজাৰ ৫৩৩ জন। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,৫৫৩ জন। এয়া হৈছে বিগত কেইদিনত ২৪ ঘণ্টাৰ ভিতৰত হোৱা সৰ্বাধিক সংক্ৰমণ।
আনহাতে মৃ্ত্যুৰ সংখ্যাও ক্ৰমাৎ বাঢ়িয়েই আছে। বৰ্তমান দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৩৭২ জন। যোৱা ২৪ ঘণ্টাতেই মৃত্যু ঘটিছে ৭২ জনকৈ লোকৰ। একেদৰে এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১১,৭০৬ জন।
দুটা পৰ্যায়ৰ লকডাউনৰ পিছত কেন্দ্ৰ চৰকাৰে সংক্ৰমণৰ ভয়াৱহতালৈ চাই ১৭ মে’লৈকে আৰু দুটা সপ্তাহৰ বাবে বৃদ্ধি কৰিছে লকডাউনৰ ম্যাদ। অৱশ্যে গ্ৰীণ জ’নত এই সময়ছোৱাত লকডাউন একপ্ৰকাৰ শিথিল কৰি দিয়া হৈছে। অৰেঞ্জ জ’নত কিছু পৰিমাণে শিথিল হৈছে যদিও লকডাউনৰ প্ৰায়বোৰ নিয়মেই অব্যাহত আছে।
ইফালে, বিশেষজ্ঞসকলে কৈছে যে দিন যোৱাৰ লগে লগে নতুন নতুন অঞ্চল কৰ’না মানচিত্ৰত অন্তৰ্ভুক্তি হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি পাব। যোৱা ২৯ এপ্ৰিলত আক্ৰান্তৰ সংখ্যা আছিল ২৯,৯৭৪ জন। সেয়া আজি হৈছে ৪০ সহস্ৰাধিক। অৰ্থাৎ মাত্ৰ ৫ দিনত সংক্ৰমিতৰ সংখ্যা হৈছে ১০ হাজাৰ। এইবোৰৰ মাজতে স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰিছে যে কৰ’না ৰোগীৰ বৃদ্ধিৰ হাৰ ভাৰতত এতিয়াও সুস্থিৰ অৱস্থাতে আছে।