বোকাজানঃ কৰ’না মাহামাৰী ৰোধৰ বাবে সমগ্ৰ দেশতে অব্যাহত থকা লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। ইয়াৰ গইনা লৈ কাৰ্বিং আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ স্থানীয় বিধায়কে সমষ্টিৰ উন্নয়নৰ দায়িত্বলৈ সম্পূৰ্ণৰূপে পিঠি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
উত্থাপিত আভিযোগ অনুযায়ী বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ডাঃ নোমল ম'মিনে দুবছৰ পূৰ্বে MLAADS ২০১৮-১৯ বৰ্ষৰ সমষ্টি উন্নয়ন পুঁজিৰ ১.৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবৰ বাবে বোকাজানৰ ডিলাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লাংবই নৱজ্যোতি নামঘৰলৈ ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চেণ্ডগ্ৰেভেইলেৰে মেৰামতিৰ বাবে পুঁজি আৱন্টন দিছিল। কিন্তু দুবছৰ উকলি যোৱাৰ পিছতো ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল।
পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পৰিৱৰ্তে ইমান দিনে কেৱল ফলকখন হে জিলিকি থকা দেখা গৈছে। বোকাজান উন্নয়ন খণ্ডৰ দায়িত্বত দুবছৰ পূৰ্বে খৰালি কালতে ফলকখন লগায়েই দায়িত্ব সামৰি বিধায়ক ম'মিনে ঠিকাদাৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ সৈতে মিলি উন্নয়ন পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইয়াৰ পূৰ্বে বিধায়কগৰাকীয়ে পথটো পৰিদৰ্শনৰ সময়ত বাকী ৰোৱা অংশখিনি অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি স্থানীয় ৰাইজক আশ্বাস দি আহিছিল যদিও আজিকোপতি সেয়া হৈ নুঠিল। ফলত উক্ত অঞ্চলৰ স্থানীয় ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য হৈ পৰিছে।
উল্লেখ্য যে, উক্ত বিধ্বস্ত পথটোৰেই নিতৌ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰীৰ লগতে চিকিৎসালয়লৈ যাব লগা হয় বহু পথচাৰী। আনহাতে বাৰিষা সমাগত হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল। কিয়নো বিধ্বস্ত পথটোৰ পানী যোৱা কাৰ্লভাৰ্টটো সম্পূৰ্ণৰূপে ভাঙি পৰিছে।
ইপিনে, বিধায়কগৰাকীয়ে বিভিন্ন সময়ত বোকাজান মহকুমাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ ছবিৰে তেওঁৰ নিজৰ ফেচবুক পেজত ভৰাই সমষ্টিটোৰ উন্নয়নৰ ফটা ঢোল বজাই আহিছে যদিও প্ৰকৃততে সমষ্টিটোৰ দুই-এক ঠাইৰ কামৰ বাহিৰে প্ৰায়বিলাক কামে আধৰুৱা কৰি আৱন্টিত পুঁজিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। স্থানীয় লোকসকলে যদিহে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰাৰ ইচ্ছা আছে তেন্তে শীঘ্ৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বিধায়গৰাকীক দাবী জনাইছে।