(পূৰ্বৰ খণ্ডৰ পৰা) ১৯৯৫ চনৰ এপ্ৰিল মাহত তামিলনাডুৰ পূৰ্বৰ মালয়ালী সাম্ৰাজ্যৰ বংশধৰ গোদাবৰ্মনে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজড়িত এক গোচৰ তৰি এসময়ত তেওঁৰ পৰিয়ালৰ সাম্ৰাজ্যৰ অধীনস্থ নীলগিৰিশ বনাঞ্চলত নিৰ্বিচাৰ বনধ্বংসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ন্যায়ালয়ক আবেদন জনাইছিল। সেই গোচৰৰ শুনানিৰ সময়ত গোচৰৰ পৰিসৰ বৃদ্ধি কৰি দেশৰ সমগ্ৰ বন শাসন ব্যৱস্থাকে শুনানিৰ আওতালৈ আনিছিল উচ্চতম ন্য়ায়ালয়ে।
১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে বন সংৰক্ষণ আইনৰ অধীনত কেনেধৰণৰ মাটি বনভূমি হিচাপে সুৰক্ষিত হ’ব সেই নিৰ্দেশ প্ৰদান কৰিছিল। এই আদেশ এসময়ত অত্যন্ত অভিলাষী, বিতৰ্কিত আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হৈছিল। এই নিৰ্দেশ অনুসৰি চৰকাৰে নিজৰ ৰেকৰ্ডত বনাঞ্চল এখনক স্বীকৃতি প্ৰদান কৰক বা নকৰক, কিন্তু যদি বনাঞ্চল হয় তেন্তে সেইখনক সুৰক্ষিত কৰা হ’ব। চৰকাৰী ৰেকৰ্ড বেছিভাগেই পৰস্পৰ বিৰোধী আৰু অসম্পূৰ্ণ হোৱাৰ বাবেই এই নিৰ্দেশ প্ৰয়োজনীয় হৈ পৰিছিল।
আদালতে কয় যে ৰাজ্যিক পৰ্যায়ৰ বিশেষজ্ঞ সমিতিসমূহে এতিয়ালৈকে চৰকাৰী ৰেকৰ্ডৰ বাহিৰত থকা বনাঞ্চলৰ স্থানসমূহ চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰক যাতে সেইবোৰ আইনৰ পৰিসৰৰ অধীনলৈ অনা হয় আৰু সুৰক্ষিত কৰা হয়। কিন্তু আদালতৰ নিৰ্দেশৰ ২৭ বছৰ পাৰ হোৱাৰ পিছতো আজিও বহু ৰাজ্যই বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। আনকি কেন্দ্ৰীয় চৰকাৰেও এই বনাঞ্চলসমূহৰ একত্ৰিতকৰণৰ তথ্য কেতিয়াও প্ৰকাশ নকৰিলে।
সংবাদ সংস্থা ‘দ্য ৰিপ’ৰ্টাৰ কালেকটিভ’-য়ে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অপ্ৰকাশিত আভ্যন্তৰীণ নথি-পত্ৰ লাভ কৰি সেইবোৰৰ ওপৰত অনুসন্ধান আৰম্ভ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ১৮ বছৰৰ পাছতো অৰ্থাৎ ২০১৪ চনলৈকে হাৰিয়ানা, বিহাৰ, গুজৰাট আৰু মহাৰাষ্ট্ৰকে ধৰি অধিংকাশ ৰাজ্যই এনে বনাঞ্চল চিনাক্তকৰণ আৰু সংৰক্ষণৰ কচৰৎও আৰম্ভ কৰা নাছিল।
চৰকাৰী বনাঞ্চল সংৰক্ষণৰ বাবে আইনখনৰ ক্ষমতা সীমিত কৰি বন সংৰক্ষণ আইনত শেহতীয়াকৈ মোদী চৰকাৰে কৰা সংশোধনীৰ ফলত এই ৰাজ্যসমূহৰ সম্ভাৱ্য বনাঞ্চলৰ বৃহৎ অংশ ব্যৱসায়িক স্বাৰ্থৰ বাবে মুকলি কৰি দিয়া হৈছে। হাৰিয়ানাৰ ক্ষেত্ৰত এতিয়াও বনাঞ্চল হিচাপে অধিসূচনা নোহোৱা দিল্লীৰ সীমান্তৱৰ্তী আৰাৱল্লী ৰেঞ্জৰ এক বৃহৎ অংশই বন সংৰক্ষণ আইনৰ অধীনত আইনী সুৰক্ষা হেৰুৱাব। ইয়াৰ বাবে এই মাটি ৰিয়েল এষ্টেট ডেভেলপাৰে দখল কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
কিন্তু ব্যক্তিগত খণ্ডৰ বাবে এয়া একমাত্ৰ ভাল খবৰ নহয়। বন আইনখনৰ পৰিৱৰ্তনে ব্যক্তিগত উদ্যানসমূহক সংৰক্ষণ আইনখনৰ বাহিৰত ৰাখিছে। ইয়াৰ পূৰ্বে যিকোনো ব্যক্তিগত উদ্যান যি বনাঞ্চলৰ সংজ্ঞাৰ অধীনত আহিছিল, বন সংৰক্ষণ আইনখনৰ বিধানসমূহ ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। কিন্তু এতিয়া এনে নহ’ব। (এই বিষয়ে জানিবলৈ এই ধাৰাবাহিকখনৰ পূৰ্বৰ খণ্ড পঢ়ক।)
হাবিতে হেৰাল ন্যায়ালয়ৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ১৮ বছৰৰ পাছত ২০১৪ চনত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে অনুষ্ঠিত এখন বৈঠকত ২৫খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে বনাঞ্চল চিনাক্তকৰণৰ বাবে কৰা কামৰ বিষয়ে মন্ত্ৰালয়ক অৱগত কৰিছিল। মন্ত্ৰালয়ে তেতিয়া প্ৰকাশ কৰা মতে, ১২খন ৰাজ্যই ব্যক্তিগত বা ৰাজহুৱা মালিকানাধীন বনাঞ্চলক লৈ পৰিকল্পনা হাতত লৈছিল যদিও বিহাৰ, হাৰিয়ানা আৰু গুজৰাটকে ধৰি ১৫খন ৰাজ্য আৰু ৫খন কেন্দ্ৰীয় শাসিত অঞ্চলে সিদ্ধান্ত গ্ৰহণ কৰা নাছিল।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজ্যসমূহে কেনেদৰে কাম কৰিছিল তাৰ এইটোৱেই হৈছে অন্তিম একত্ৰিত তথ্য। ৰিপৰ্টাৰ্ছ কালেকটিভে চৰকাৰী নথি-পত্ৰসমূহ পুংখানুপুংখভাৱে পৰ্য্যবেক্ষণ কৰাৰ পিছত এই কথা স্পষ্ট হৈ পৰে যে ৰাজ্য চৰকাৰসমূহে এনে ‘ডিমড ফৰেষ্ট’ চিনাক্ত কৰিবলৈ ব্যাপক বিবেচনাধীন সংজ্ঞা ব্যৱহাৰ কৰিছিল। যেনে- হিমাচল প্ৰদেশে সিদ্ধান্ত লৈছিল যে “৫ হেক্টৰৰ ওপৰৰ কাঠনিৰ কম্পেক্ট ব্লক” এখন অৰণ্য হ’ব। আন এখন পাহাৰীয়া ৰাজ্য ছিকিমে কৈছিল যে “৪০%তকৈ অধিক গছ বনৰ ঘনত্ব থকা নূন্যতম ১০ হেক্টৰ এলেকাৰ একত্ৰিত অংশ”ক অৰণ্য বুলি গণ্য কৰা হ’ব।
উত্তৰ প্ৰদেশে ইয়াৰ পৰিৱৰ্তে সিদ্ধান্ত লয় যে, “বিন্ধিয়া আৰু বুন্দেলখণ্ড অঞ্চলত চৰকাৰী বা ব্যক্তিগত মাটিত থকা উদ্যানৰ বাহিৰে প্ৰতি হেক্টৰত নূন্যতম ১০০ জোপা গছ থকা নূন্যতম ৩ হেক্টৰ আৰু তেৰাই আৰু সমভূমি অঞ্চলত প্ৰতি হেক্টৰত নূন্যতম ৫০ জোপা গছ থকা নূন্যতম ২ হেক্টৰ এলেকা”ক বনাঞ্চল হিচাপে গণ্য কৰা হ’ব। কিন্তু লক্ষণীয় যে চৰকাৰে কেতিয়াও এই তথ্য সংসদত প্ৰকাশ বা ৰাজহুৱা কৰা নাই।
২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে কেন্দ্ৰই অভিধানৰ অৰ্থৰ ভিত্তিত বনাঞ্চল চিনাক্তকৰণৰ ওপৰত চিন্তা-চৰ্চা আৰম্ভ কৰে আৰু লক্ষ্য কৰে যে “বনাঞ্চলৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে কোনো একেধৰণৰ মাপকাঠি থাকিব নোৱাৰে যিটো সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো ধৰণৰ বনাঞ্চলৰ বাবে প্ৰযোজ্য হ’ব পাৰে”। ইয়াৰ পিছত সিদ্ধান্ত লোৱা হয় যে ৰাজ্যসমূহে নিজেই মাপকাঠী নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অনুমোদনৰো কোনো প্ৰয়োজন নহয়।
এতিয়া বন (সংৰক্ষণ) আইন সংশোধনৰ লগে লগে কেন্দ্ৰই “ডিমড ফৰেষ্ট”ৰ শ্ৰেণীটো বিলুপ্ত কৰিছে। যুটীয়া সংসদীয় সমিতিৰ সন্মুখত নতুন আইন সন্দৰ্ভত কেন্দ্ৰই কয়, "উচ্চতম ন্যায়ালয়ে ১২/১২/১৯৯৬ তাৰিখে দিয়া আদেশ অনুসৰি বিশেষজ্ঞ সমিতিসমূহে যিবোৰ অঞ্চল চিনাক্ত কৰিছিল, সেইবোৰৰ তথ্য উচ্চতম ন্যায়ালয়ৰ জৰিয়তে দিয়া হৈছিল আৰু ১৯৯৭ চনত শপতনামা দাখিল কৰা হৈছিল।"
কিন্তু লক্ষণীয় কথাটো হ’ল, এই বিষয়ে কোনেও অৱগত নহয়। কাৰণ চৰকাৰে “ডিমড ফৰেষ্ট” হিচাপে চিনাক্ত কৰা অঞ্চলসমূহৰ তথ্য ৰেকৰ্ডত ৰাজহুৱা কৰা নাই।
পৰিবেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ২০২৩ চনৰ ৭ আগষ্টত বাতৰি কাকতৰ প্ৰবন্ধত এই কথাৰ সপক্ষে লিখিছে, "ব্যক্তিগত উদ্যানতো সংৰক্ষণ আইন জাপি দিব পৰাৰ আশংকা বাঢ়ি আহিছিল। বনাঞ্চলৰ বাহিৰত বনানীকৰণে প্ৰয়োজনীয় গতি লাভ কৰা নাছিল। এইটো বিষয়েই সেউজীয়া আৱৰণ বৃদ্ধি কৰাত বাধা হৈ পৰিছে।”
তেওঁ যি ক’বলৈ চেষ্টা কৰিছিল সেয়া আছিল যে কাঠ আৰু অন্যান্য উদ্যানত ব্যক্তিগত খণ্ডৰ ভূমিকা কমি আহিছে কাৰণ তেওঁলোকে "আশংকা" কৰিছিল যে তেওঁলোকৰ উদ্যানসমূহ বন সংৰক্ষণ আইনখনৰ অধীনত আহিব। ইয়াৰ অধীনত আহি সংশ্লিষ্ট মাটিৰ আন যিকোনো ব্যৱহাৰে অনুমতিৰ কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব বুলি ব্যক্তিগত খণ্ডসমূহ ভীতিগ্ৰস্ত হৈ পৰিছিল।
কিন্তু সংশোধিত আইনখনৰ জৰিয়তে এই “আশংকা” নাইকিয়া কৰা হৈছে। এইদৰে ২০১৮ চনৰ খচৰা বন নীতিৰ উদ্দেশ্য (এই সন্দৰ্ভত দ্বিতীয় খণ্ডত সবিস্তাৰে উল্লেখ কৰা হৈছে) লাভ কৰা হ'ল, যিটো আছিল কৰ্পৰেটৰ সহায়ত কৃষি বনানীকৰণৰ সম্পূৰ্ণ সম্ভাৱনাক বিশেষকৈ কাঠ উদ্যানৰ ব্যৱহাৰ কৰা।
দিল্লীয়ে হেৰুৱাইছে হৃদপিণ্ড
যদিও চৰকাৰৰ কথিত উদ্দেশ্য হৈছে ভাৰতৰ বনাঞ্চলৰ আৱৰণ বৃদ্ধি আৰু সংশোধনীৰ জৰিয়তে জলবায়ুৰ লক্ষ্য বাস্তৱায়িত কৰা, তথাপিও ভাৰতৰ ৰাজধানীৰ সীমান্তৱৰ্তী আৰাৱলী পৰ্বতমালাৰ কিছু অংশৰ দৰে দেশৰ বেচৰকাৰী সেউজ হৃদপিণ্ড এতিয়া একাংশ উদ্যোগীৰ সোণৰ কণী পৰা হাঁহলৈহে পৰিণত হোৱা দেখা গৈছে।
১৯০০ চনৰ পঞ্জাৱ ভূমি সংৰক্ষণ আইন অনুসৰি হাৰিয়ানাৰ প্ৰায় দুই তৃতীয়াংশ আৰাৱলী পাহাৰহে সুৰক্ষিত হৈ আছে। কিন্তু বিশেষজ্ঞসকলৰ মতে গুৰগাঁৱৰ প্ৰায় ৪০% আৰু ফৰিদাবাদৰ ৩৬.৮% পাহাৰক বনাঞ্চল হিচাপে অধিসূচনা আজিও কৰা নহ’ল। মুঠ প্ৰায় ১৮,০০০ একৰ মাটি, যি আজি মুকলি আৰু ঘন বনাঞ্চলৰ আৱৰণেৰে সেউজ হৈ আছে, আইনখন সংশোধনৰ পূৰ্বে সম্ভাৱনাময়ভাৱে ‘অৰণ্য বুলি গণ্য’ বা “অভিধানৰ অৰ্থ অনুসৰি” বনাঞ্চল হ’ব পাৰিলেহেঁতেন।
পাহাৰবোৰক বনাঞ্চল বুলি গণ্য কৰাৰ পৰা বিৰত থাকিবলৈ হাৰিয়ানা চৰকাৰে সদায় অগ্ৰণী ভূমিকা লৈ আহিছে। ২০১৫ চনৰ নথি-পত্ৰত দেখা গৈছে যে ১৯৯৬ চনৰ গোদাবৰ্মনৰ ৰায় আৰু পৰৱৰ্তী আদেশ কাৰ্যকৰী নকৰাৰ বাবে চৰকাৰে বহু আমোলাতন্ত্ৰিক কৌশল প্ৰয়োগ কৰিছিল। তেওঁলোকে দেখুৱাইছে যে আৰাৱলীৰ বনাঞ্চলৰ বৃহৎ অংশক আজিও উপেক্ষিত কৰা হৈছে।
চৰকাৰে এতিয়া সেই অঞ্চলসমূহ অৰণ্য নহয় বুলি সিদ্ধান্ত লৈছে। মোদী চৰকাৰেও সুযোগ বুজি বন সংৰক্ষণ আইন সংশোধনৰ জৰিয়তে অঞ্চলসমূহত ৰিয়েল এষ্টেট ব্যৱসায়ৰ পথ মুকলি কৰি দিছে। স্বতন্ত্ৰ পৰিৱেশ আৰু বন নীতি বিশ্লেষক চেতন আগৰৱালে কয়, "ডিমড ফৰেষ্ট আৰু ব্যক্তিগত বনাঞ্চলকে ধৰি বহু ধৰণৰ বনাঞ্চলৰ ওপৰত বন সংৰক্ষণ আইন কাৰ্যকৰী নহ'লে পৰিৱেশ দুৰ্দশাৰ সৃষ্টি হ'ব। ইয়াৰ ফলত বৃহৎ পৰিসৰৰ ডাইভাৰচন হ'ব। বিশেষকৈ আৰাৱলীৰ দৰে পৰিৱেশৰ প্ৰতি সংবেদনশীল অঞ্চলত ৰিয়েল এষ্টেট উন্নয়নৰ বাবে মাটি এৰি দিয়া হ'ব।"
বহু জনজাতীয় আৰু বন যাযাবৰী জনগোষ্ঠীয়ে বনাঞ্চলৰ সংজ্ঞাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰি আহিছে। ১৮টা জনজাতীয় আৰু যাযাবৰী সামূহিক সংগঠনৰ যৌথ মঞ্চ কেম্পেইন ফৰ ছাৰভাইভেল এণ্ড ডিগনিটিয়ে বন সংৰক্ষণ আইন সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ প্ৰক্ৰিয়াৰ সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংস্থাটোৱে নিজৰ মন্তব্যত কয় যে মন্ত্ৰালয়ে প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ বাতিল কৰি “আইনসমূহ, বিশেষকৈ অনুসূচিত জনজাতি আৰু অন্যান্য-গতানুগতিক বনবাসী (বন অধিকাৰৰ স্বীকৃতি) আইন, ২০০৬ৰ বিধানসমূহ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব লাগে আৰু লগতে, কৰ্তৃপক্ষই বন সংৰক্ষণৰ ক্ষেত্ৰত গাঁওসভাৰ পৰামৰ্শক সন্মান জনাব লাগে।’’
বন অধিকাৰ আইনৰ জৰিয়তে চৰণীয়া ভূমিৰ ওপৰত অধিকাৰ দাবী কৰা যাযাবৰী পশুপালন জনজাতীয় যুৱক-যুৱতীৰ সংগঠন ভান গুজ্জাৰ আদিবাসী যুৱ সংগঠনে লিখিছে, "গোদাবৰ্মনৰ গোচৰৰ যুক্তি ওলোটা কৰা এই নিষেধাজ্ঞামূলক সংজ্ঞাই ইয়াৰ পৰিসৰৰ আনুমানিক হিচাপত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে, তদুপৰি এনে ব্যৱস্থা এফ আৰ এৰ লক্ষ্যৰ বিৰোধী।"
বন নীতিক লৈ আভুৱা ভৰিছে চৰকাৰে
সমগ্ৰ দেশতে স্বীকৃত বনাঞ্চলৰ তথ্যৰ অভাৱ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি চৰকাৰৰ শীতল মনোভাৱৰ মাজতে চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰা সামগ্ৰিক বন তথ্যৰ প্ৰতি নাগৰিকে সন্দেহ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বনাঞ্চল আৱৰণৰ তথ্যৰ অসামঞ্জস্যৰ কথা পূৰ্বতে আলোকপাত কৰা হৈছে।
ষ্টেট অৱ ফৰেষ্টৰ প্ৰতিবেদনৰ বিশ্লেষণে পৰস্পৰ বিৰোধী সিদ্ধান্ত স্পষ্ট কৰিছে। এই প্ৰতিবেদন অনুসৰি ভাৰতে ১৯৮৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত বছৰি গড়ে ২,১৪৬ বৰ্গ কিলোমিটাৰতকৈ অধিক বনাঞ্চল সংযোজন কৰিছে।
কিন্তু এই প্ৰতিবেদনসমূহ দুটা দশকৰ মাজেৰে বিশ্লেষণ কৰিলে দেখা যায় যে গড়ে প্ৰতি দুবছৰৰ মূৰে মূৰে ২,৫৯৪ বৰ্গ কিলোমিটাৰ অতি ঘন আৰু মধ্যমীয়া ঘন অৰণ্যই ঘাঁহনি বা বন্যাৰ্ত ভূমিলৈ ৰূপান্তৰিত হৈছে। সেইখিনি বাংগালুৰু আৰু দিল্লীৰ এলেকা মিলাই দুবছৰৰ মূৰে মূৰে কাটি পেলোৱাতকৈও বেছি।
আচৰিত কথাটো হ’ল গড়ে ১৯০৭ বৰ্গ কিলোমিটাৰ মুকলি বা অবনাঞ্চল ভূমি অতি ঘন বা মধ্যমীয়া ঘন অৰণ্যলৈ পৰিণত হৈছে। গছশূন্য অঞ্চল এটা মাত্ৰ দুবছৰৰ ভিতৰতে কেনেকৈ ঘন বা অতি ঘন অৰণ্যলৈ পৰিণত হয় সেই প্ৰশ্নও উত্থাপন হৈছে।
আনকি আন্তঃৰাষ্ট্ৰীয় মঞ্চত চৰকাৰে দাখিল কৰা পৰিসংখ্যাৰো বনাঞ্চলৰ অৱস্থাৰ প্ৰতিবেদনত উপস্থাপন কৰা বনাঞ্চল আৱৰণৰ পৰিসংখ্যাৰ সৈতে মিল নথকাত বনাঞ্চলক লৈ চৰকাৰৰ নীতি স্পষ্ট হৈ পৰিছে।
২০১৮ চনত ৰাষ্ট্ৰসংঘত দাখিল কৰা এক প্ৰতিবেদনত কেন্দ্ৰ চৰকাৰে আশ্বৰ্যজনকভাৱে ২০০০ চনৰ বাবে বনাঞ্চলৰ আৱৰণ ২২,০০০ বৰ্গ কিলোমিটাৰতকৈ অধিক বৃদ্ধি কৰে। এয়া মিজোৰামৰ এলেকাতকৈও বেছি। ৰাষ্ট্ৰসংঘত দাখিল কৰা তথ্য অনুসৰি ২০০০, ২০০৪ আৰু ২০০৯ চনৰ বনাঞ্চলৰ আৱৰণৰ পৰিসংখ্যা বৃদ্ধি পাইছিল। কিন্তু বাস্তৱ কথাটো হ’ল- চৰকাৰে প্ৰদান কৰা এই পৰিসংখ্যা আছিল স্থানীয় নাগৰিকসকলৰ আগত প্ৰকাশ কৰা সংখ্যাৰ সম্পূৰ্ণ পৃথক।
সাধাৰণতে নিৰ্ভৰযোগ্য বন আৱৰণৰ তথ্যৰ অভাৱত, আৰু বিশেষকৈ গণ্য কৰা বনাঞ্চলৰ তথ্যৰ অভাৱত, কেন্দ্ৰীয় চৰকাৰে বন আইনত উদ্যোগ-বন্ধুত্বপূৰ্ণ পৰিৱৰ্তন কৰি স্বাৰ্থসিদ্ধিৰ দিশে আগবাঢ়িছে। ইয়াৰ বিপৰীতে এতিয়া দেশৰ সাধাৰণ জনতাৰ বৃহত্তৰ অংশ চৰকাৰৰ বন নীতিক লৈ অজ্ঞাত হৈয়ে ৰৈছে।
The Reporters' Collective-ৰ এই প্ৰতিবেদন assamtimes.org ৰ সহযোগত প্ৰকাশ কৰা হৈছে। The Reporters' Collective-ত প্ৰকাশিত তপস্য আৰু নীতিন ছেঠীৰ প্ৰতিবেদন A hollow assurance: How Modi govt turned its back on forest conservationৰ তৃতীয় খণ্ড NNOৰ বাবে অনুবাদ কৰিছে পংকজ তৰুণে।