''আমাৰ ইয়াত শৈশৱতে সম্বন্ধ ঠিক কৰা হয় আৰু পিছত ছোৱালীজনীৰ সকলো সিদ্ধান্ত শহুৰৰ পৰিয়ালৰ লোকেই গ্ৰহণ কৰে। যদিহে ছোৱালীজনীয়েই সেই সম্বন্ধ ত্যাগ কৰিব খোজে তেন্তে সম্পৰ্ক ছেদৰ বিপৰীতে ধন দিবলগীয়া হয়। মোৰ পৰা শহুৰৰ পৰিয়ালে ১৮ লাখ টকা বিচাৰিছিল।’’
এই ভাষ্য মধ্যপ্ৰদেশৰ ৰাজগঢ় জিলাৰ কৌশল্যাৰ। তেওঁ যি বিষয় উল্লেখ কৰিছে সেয়া উক্ত অঞ্চলটোত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। এই প্ৰথাক মধ্যপ্ৰদেশত 'ঝগড়া নাটৰা’ নামেৰে জনা যায়।
পগাৰিয়া গাঁৱৰ কৌশল্যাৰ সম্বন্ধ এই নাটৰা প্ৰথা অনুযায়ী দুই বছৰ বয়সতে স্থানীয় এজন যুৱকৰ সৈতে কৰা হৈছিল আৰু ২০২১ চনত বিয়াত বহিছিল। কৃষকৰ ছোৱালী কৌশল্যাৰ বিয়াৰ সময়ত বয়স আছিল ২২ বছৰ।
কৌশল্যাই কয়, ''এই তিনিবছৰত মই বহুত কিবাই দেখিবলৈ পাইছো। মই ঘৰুৱা হিংসা কাক কয় সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছো। মোক ৫ লাখ টকা আৰু এখন মটৰ চাইকেল বিচাৰিছিল। কিন্তু যেতিয়া সহ্যৰ সীমা পাৰ হৈ গৈছিল মই তেতিয়া মাৰ ঘৰলৈ গুচি আহো।’’
কৌশল্যাৰ দুখৰ কাহিনী
সমাজৰ বান্ধোন, নীতি-নিয়ম আৰু সম্পৰ্ক ভংগ হোৱাৰ ভয়ত কথাবোৰ যাতে বেছি বেয়ালৈ ঢাল খাব নোৱাৰে তাৰ বাবে কৌশল্যাৰ পৰিয়ালে বুজাই-বঢ়াই প্ৰথম অৱস্থাত কৌশল্যাক পুনৰ শহুৰেকৰ ঘৰলৈ পঠিয়াই দিছিল। তেওঁ কয়, ''মোক মাৰধৰ কৰিছিল। মই পঢ়িব বিচাৰিছিলো। চাকৰি কৰিব বিচাৰিছিলো। তেতিয়া সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ তেওঁলোকে আমাৰ পৰা ১৮ লাখ টকা দাবী কৰিছিল।’’
২০২৩ চনত যেতিয়া কৌশল্যা আকৌ এবাৰ মাতৃগৃহলৈ উভতিছিল তেতিয়া আৰু স্বামীগৃহলৈ উভতি নাযায় বুলি ঠিৰাং কৰি লৈছিল। অৱশ্যে পৰিয়ালৰ লোকে তেতিয়াও কৌশল্যাক আগৰ দৰে বুজাই উভতাই পঠিয়াবলৈ চেষ্টা কৰিছিল। কিয়নো তেওঁলোকে কৌশল্যাৰ শহুৰৰ পৰিয়ালে বিচৰা ধন দিয়াতো সম্ভৱ নহ’ব বুলি ভালকৈয়ে জানিছিল।
স্বামীৰ অত্যাচাৰ সহিব নোৱৰা কৌশল্যাৰ পঢ়িবলৈ মন
পিছত বিষয়টো পঞ্চায়ত পাইছিলগৈ। পঞ্চায়তে সিদ্ধান্ত শুনালে যে যদিহে কৌশল্যাই বিয়া ভাঙিব বিচাৰে তেতিয়া শহুৰেকৰ ঘৰখনক ১৮ লাখ টকা দিব লাগিব।
কৌশল্যাৰ পৰিয়ালটো আছিল সৌন্দিয়া সম্প্ৰদায়ৰ। এই সম্প্ৰদায়টো মধ্যপ্ৰদেশত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত। পিছপৰা এই সম্প্ৰদায়টোৰ লোকসকলে যিকোনো সমস্যাৰ উদ্ভৱ হ’লে আৰক্ষী আৰু আইন-আদালতৰ কাষ চপাৰ পৰিৱৰ্তে পোনে পোনে পঞ্চায়তলৈ যোৱাটোকেই পছন্দ কৰে।
পিছপৰা এখন গাঁও
পগাৰিয়া গাঁওখন বিকাশৰ ক্ষেত্ৰত তেনেই পিছপৰা। গাঁৱলৈ সোমোৱা পথটো সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে। বহু ঠাইত কেঁচা ৰাস্তাৰেই আহ-যাহ কৰিবলীয়া হয়। গাঁৱলীয়া বোকা-পানীৰ ৰাস্তা গচকি মহিলাসকলে ওৰণি (ঘূংঘট) লৈ খেতি পথাৰলৈ যায়।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (এনএফএছএছ-৫) অনুযায়ী ৰাজগঢ় জিলাখনৰ ৫২ শতাংশ মহিলাই নিৰক্ষৰ আৰু ২০-২৪ বছৰৰ মহিলাসকলৰ ৪৬ শতাংশৰেই বিয়া ১৮ বছৰ পূৰ্বেই অৰ্থাৎ বাল্য বিবাহ হৈ আহিছে।
২০১১ চনৰ লোকপিয়ল অনুযায়ী ৰাজগঢ় জিলাৰ মুঠ জনসংখ্যা ১৫.৪৫ লাখ আৰু ইয়াৰে ৭.৫৫ লাখ হৈছে মহিলা। মধ্যপ্ৰদেশৰ ৰাজগঢ় জিলাৰ উপৰিও মালনা, গুনাৰ লগতে ৰাজস্থানৰ ঝালাৱডৰ পৰা আৰম্ভ কৰি চিত্তোৰগড় আদি অঞ্চলতো নাটাৰা প্ৰথাৰ আজিও প্ৰচলন আছে।
কি এই প্ৰথা?
তথ্য অনুযায়ী এই প্ৰথা ১০০ বছৰৰো অধিক প্ৰাচীন। পিজি কলেজৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক সীমা সিঙে এই সন্দৰ্ভত কয়, ''ঝগড়া নাটৰা প্ৰথাৰ কোনো লিখিত ইতিহাস নাই। কিন্তু এই প্ৰথা শতিকা প্ৰাচীন বুলিব পাৰি। এই প্ৰথা আৰম্ভণিতে বিধৱা মহিলা আৰু অবিবাহিতা মহিলাই যাতে কোনো পুৰুষৰ সৈতে বাকীছোৱা জীৱন পাৰ কৰিব পাৰে আৰু সামাজিকভাৱে এক ভাল জীৱন-যাপন কৰিব পাৰে সেই সম্পৰ্কীয় আছিল।’’
অধ্যাপক সীমাই জনোৱামতে তেওঁ এই সম্পৰ্কে কেবাগৰাৰী বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতি এই প্ৰথাৰ নাম প্ৰথমে নাটা প্ৰথা আছিল বুলি জানিব পাৰিছিল।
তেওঁ কয়, ''এই প্ৰথা অনুযায়ী বিধৱা মহিলাসকলে পুনৰ সামাজিক জীৱনৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিছিল। কিন্তু সময়ৰ লগে লগে এই প্ৰথাৰ ৰূপ সলনি হৈ পৰে আৰু বৰ্তমান সময়ত এয়া এক মহিলাৰ সৈতে কৰা দৰদামত পৰিণত হৈ পৰিছে। য’ত নেকি ছোৱালীসকলক কাৰ সৈতে বিয়া দিব সেয়া সৰুতেই ঠিক কৰা হয় আৰু পিছলৈ যেতিয়া সম্বন্ধত ফাট মেলে তেতিয়া ছোৱালী পক্ষৰ পৰা ধন বিচৰা হয়। এনেদৰে বিচৰা ধনক ইয়াত ঝগড়া বিচৰা বুলি কোৱা হয়।’’
এই সন্দৰ্ভত পঞ্চায়তৰ ভূমিকাক লৈ সীমাই কয়, ''পঞ্চায়তত বিষয়টো তেতিয়াই পাই যেতিয়া ছোৱালী পক্ষই ইয়াৰ বিৰোধ কৰে অথবা ল’ৰা পক্ষই বিচৰামতে ধন দিবলৈ অসমৰ্থ হয়। কিয়নো প্ৰায়েই ল’ৰা পক্ষই মোটা অংকৰ ধন বিচাৰে। পঞ্চায়ত তেওঁলোকৰ সমাজৰ লোকসকলেই ছোৱালীজনীয়ে সেই সম্পৰ্কৰ পৰা আঁতৰি মুক্ত বা স্বাধীনচেতিয়া হোৱাৰ বিনিময়ত কিমান ধন দিব লাগিব সেয়া ঠিৰাং কৰে।’’
অলেখ সপোন লৈ শৈশৱতে ঠিক কৰি থোৱা দৰাৰ সৈতে বিয়াত বহিছিল কৌশল্যাই
স্থানীয় সাংবাদিক তথা সমাজ কৰ্মী ভানু ঠাকুৰে কয়, ''এই প্ৰথাৰ প্ৰভাৱ স্থানীয় লোকৰ মাজত ইমানেই বেছি যে এই সম্বন্ধক 'ক’ৰ্ট মেৰিয়েজ’ত কৈয়ো অধিক মজবুত সম্বন্ধ বুলি বিশ্বাস কৰা হয়।’’
বিগত ৩ বছৰত 'ঝগড়া নাটৰা’ প্ৰথা সম্পৰ্কীয় ৫০০ৰো অধিক গোচৰ কেৱল ৰাজগঢ় জিলাতেই ৰুজু কৰা হৈছে। ভানু ঠাকুৰৰ মতে এয়া গোচৰ ৰুজু কৰা হিচাপহে মাত্ৰ, প্ৰকৃততে হিচাপলৈ নোহোৱাকৈ ইয়াতকৈ আৰু অধিক এনে ঘটনা ঘটি গৈছে।
তিনি বছৰত ৫০০ গোচৰ ৰুজু
এই সম্পৰ্কে ৰাজগঢ় জিলাৰ আৰক্ষী অধীক্ষকে বিবিচি হিন্দীৰ সাংবাদিক বিষ্ণুকান্ত তিৱাৰীৰ আগত কয়, ''এয়া সম্পূৰ্ণৰূপে অবৈধ আৰু অসাংবিধানিক এক প্ৰথা যি নেকি আজিও এই অঞ্চলৰ লোকসকলে পৰম্পৰাৰ নামত জীয়াই ৰাখি মহিলাসকলক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে।’’
আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয়, ''এনে একাধিকল ঘটনা পোহৰলৈ আহিছে য’ত ছোৱালীৰ সৰুতেই বিয়া ঠিক কৰা হয় আৰু পিছলৈ সম্পৰ্ক ভাঙিলে ছোৱালী পক্ষই ল’ৰা পক্ষক কেবালাখ টকা দিবলগীয়াত পৰে। এয়া মহিলাৰ অধিকাৰ হৰণ কৰাৰ এক অপচেষ্টা। কিন্তু ইয়াৰ লোকসকলে এনে কামকেই সঠিক বুলি ভাবে।’’
তেওঁ আৰু কয়, ''বিগত ৩ বছৰত এই সম্পৰ্কীয় প্ৰায় ৫০০ গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াক এক ইতিবাচক দিশ বুলিব পাৰি। কিয়নো ইমান বছৰৰ পিছত এতিয়া ভুক্তভোগীয়ে তেনে কু-প্ৰথাক প্ৰত্যাহ্বান জনাই আইনৰ সহায় ল’বলৈ সাহস গোটাবলৈ সমৰ্থ হৈছে।’’
বিষয়টোক লৈ অধ্যাপক সীমাই কয়, ''ইয়াক ছোৱালীক লৈ কৰা দৰদাম বুলি ক’লেও ভুল কোৱা নহ’ব। কিয়নো এই জঘন্য প্ৰথা অনুযায়ী যেতিয়া ছোৱালী পক্ষৰ পৰা ল’ৰা পক্ষই ধন বিচাৰে তেতিয়া ছোৱালীৰ পৰিয়ালৰ লোকে আন বহু ল’ৰাৰ সৈতে কথা পাতে আৰু সেই ধন দিবলৈ ৰাজী হোৱা ল’ৰাজনৰ পৰা ধন লৈ আগৰ ল’ৰা পক্ষক ধনখিনি পৰিশোধ কৰি ছোৱালীজনীক নতুন ধন দিয়া ল’ৰাজনলৈ বিয়া দিয়া হয়।’’
মাংগীবাঈৰ দুখলগা কাহিনী
ৰাজগঢ়ৰ পৰা ২০ কিলোমিটাৰ নিলগৰ কৌণ্ডক্যা গাঁৱত বাস কৰা মাংগীবাঈৰ কাহিনীও কৌশল্যাৰ সৈতে প্ৰায় একে বুলিব পাৰি। নিজৰ কথাবোৰ কৈ যাওতে মাংগীবাঈৰ দুচকুৰে চকুলো বৈ আহিছিল।
''মোক সেই ঘৰখনত ভোকৰ ৰুটিখনো খাবলৈ দিয়া হোৱা নাছিল। শুবলৈ বিছনা এখনো নিদিছিল। যেতিয়া মই স্বামীক মদ খাবলৈ মানা কৰিছিলো তেতিয়া মোক বৰ বেয়াকৈ মাৰধৰ কৰিছিল। মোৰ বাবে সেই ঘৰখন নৰক যেন হৈ পৰিছিল। আমি বহুত দুখীয়া আছিলো। আমাৰ সপোন বুলিবলৈ একোৱেই নাই। কেৱল অলপ ভালকৈ থাকিব বিচাৰিছিলো। কিন্তু সেয়াও মোৰ কপালত লিখা নাই।’’- কথাখিনি কৈ হুকহুকাই কান্দিছিল মাংগীবাঈয়ে।
যেতিয়া মাংগীবাঈয়ে স্বামীগৃহৰ পৰা গুচি আহিব বিচাৰিছিল তেতিয়া ৫ লাখ টকাৰ ঝগড়া নাটৰা বিচাৰিছিল। বিষয়টো পঞ্চায়ত পোৱাত পঞ্চায়তেও মাংগীবাঈৰ বিৰুদ্ধেই ৰায় প্ৰদান কৰে।
উপায়ন্তৰ হৈ মাংগীবাঈয়ে ২০২৩ চনৰ জানুৱাৰী মাহত স্থানীয় খিলছিপুৰ আৰক্ষী থানাত স্বামী, শহুৰ আৰু ভাই শহুৰৰ বিৰুদ্ধে মাৰপিট আৰু ধনদাবীৰ গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে জনোৱা মতে মাংগীবাঈৰ স্বামী কমলেশ, ভাই শহুৰ মাংগীলাল আৰু শহুৰেক কম্বৰলালৰ বিৰুদ্ধে তেতিয়াৰ ভাৰতীয় দণ্ড বিধিৰ ৪৯৮ এ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হয়। সম্প্ৰতি মাংগীবাঈৰ স্বামী আৰু শহুৰ পৰিয়ালৰ আন সদস্যসকলে জামিন লাভ কৰিছে।
এই ঘটনাৰ পিছত মাংগীবাঈয়ে এতিয়া পিতৃ-মাতৃৰ সৈতে থাকিবলৈ লৈছে। মাংগীবাঈৰ পিতৃ আৰু দুুই ভাতৃয়ে দিন হাজিৰা কৰি ঘৰ চলাই আহিছে। তেওঁৰ পিতৃয়ে কয়, ''ঝগড়া নাটৰাৰ ৫ লাখ টকা দিব পৰাৰ সমাৰ্থ্য আমাৰ নাই। যেতিয়ালৈকে এই ধনখিনি দিব নোৱাৰো তেতিয়ালৈ তাইক বেলেগলৈ বিয়াও দিব নোৱাৰো।’’
মাংগীবাঈৰ দুচকুত এতিয়া কেৱল দুখ আৰু চকুপানী
মাংগীবাঈয়ে আদালতৰ পৰা ন্যায়ৰ অপেক্ষাত থকাৰ সময়তে তেওঁৰ স্বামী কমলেশে দ্বিতীয় বিবাহ সম্পন্ন কৰিছে। পেছাত শ্ৰমিক কমলেশে সাংবাদিকৰ আগত কয়, ''মই মাংগীবাঈৰ দেউতাকক ৩ লাখ টকা দিছিলো আৰু এই ধন ৬ মাহ আগতে দিয়া হৈছিল। বিয়াৰ সময়ত আমাৰ পৰিয়ালে মাংগীবাঈক এক তোলা সোণ, এক কিলো ৰূপৰ গহনাও দিছিলো। আমি কেৱল নিজৰ সেই সম্পত্তি আৰু ধনখিনি বিচাৰিছো।’’
যেতিয়া সাংবাদিকে ৩ লাখ টকা মাংগীবাঈৰ পিতৃক কিয় দিছিল বুলি সোধে তেতিয়া কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে কমলেশ। বিপৰীতে মাংগীবাঈৰ পৰিয়ালে অভিযোগ কৰি কয় যে বিয়াৰ পিছৰে পৰা কমলেশে তেওঁলোকক ধন বিচাৰি হাৰাশাস্তি কৰি আহিছিল।
পঞ্চায়তে যি কয় সেয়াই হয়...
পঞ্চায়ত বহি ৰায় দিয়া অঞ্চলটোৰ সত্তৰোৰ্ধৰ পৱন কুমাৰে জনোৱা মতে শতিকা প্ৰাচীন এই প্ৰথা অনুযায়ী অধিকাংশ বিচাৰত ল’ৰা পক্ষই জয়ী হৈ আহিছে। তেওঁ কয়, ''আমাৰ ইয়াত পঞ্চায়তৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে গণ্য কৰা হয়। মই কেবাবাৰো পঞ্চায়তত বহিছো। এই বিচাৰত মই ৬০ হাজাৰ টকাৰ পৰা ৮ লাখ টকা পৰ্যন্ত হোৱা ঝগড়া নাটৰাৰ সিদ্ধান্ত শুনাইছো।’’
তেওঁ আৰু কয়, ''প্ৰায়েই সৰুতেই সম্বন্ধ কৰা হয় বাবে ছোৱালীবোৰে পিছলৈ সম্বন্ধ ভংগ কৰে। কিছুমান ক্ষেত্ৰত ল’ৰা পক্ষৰো ভুল থাকে। তেনেক্ষেত্ৰত আমি ছোৱালী পক্ষই যাতে অধিক ধন ভৰিবলগীয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখো। কিন্তু ৯০ শতাংশ বিচাৰতেই ছোৱালী পক্ষই ধন দিবলগীয়া হয়।’’
পঞ্চায়তৰ আগত নিজৰ পক্ষ ৰাখিছে কৌশল্যাৰ পিতৃয়ে (ৰঙা চিহ্নৰ ভিতৰত)
সমাজকৰ্মীসকলে এই লৈ কি কয়?
এই কু-প্ৰথাৰ বিৰুদ্ধে প্ৰায় এক দশক ধৰি কাম কৰি অহা মনা সুস্তানিয়ে ইয়াক মহিলা বিৰোধী আৰু পিতৃতান্ত্ৰিক চিন্তাৰ ফচল আখ্যা দিয়ে। তেওঁ কয়, ''মোৰ বিয়া এই অঞ্চলৰ এটা ৰাজনৈতিক পৰিয়ালৰ সৈতে হৈছে। ১৯৮৯ চনত যেতিয়া মই বিয়াৰ পিছত ইয়ালৈ আহিছিলো তেতিয়া এই প্ৰথা দেখি মই হতবাক হৈ পৰিছিলো। তেতিয়াই মই এই কু-প্ৰথাটোৰ বিৰুদ্ধে মাত মাতিবলৈ সিদ্ধান্ত লৈছিলো।’’
তেওঁ এই কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ 'লাল ছুনাৰ' নামেৰে এটি সংস্থা গঠন কৰিছে। বিগত প্ৰায় ১০ বছৰ ধৰি তেঁও সংস্থাটোৰ জৰিয়তে ঝগড়া নাটৰা প্ৰথাৰ বলি হোৱা ছোৱালীসকলৰ হৈ মাত মাতি আহিছে। বহুক্ষেত্ৰত সমাজকৰ্মী মনাই সফলতাও লাভ কৰিছে।
মনাই জনোৱামতে যোৱা ৫ বছৰত তেওঁৰ সংস্থাটোৱে অতিকমেও ২৩৭ গৰাকী ছোৱালীক এই কু-প্ৰথাৰ বলি হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰে অধিকাংশই এটকাও নিদিয়াকৈ শৈশৱৰ সম্বন্ধৰ পৰা আঁতৰি আহি মুক্ত হ’বলৈ সমৰ্থ হৈছে।
মনাই কয়, ''এই কাম বহুত কঠিন। বাৰম্বাৰ কথা-বতৰা, আলোচনা, পৰিয়ালবোৰ ৰাজনৈতিকভাৱে আৰু আৰক্ষীৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰি আইনৰ কথা কৈ ৫ বছৰত আমি ২৩৭ গৰাকী ছোৱালীক এটকাও নিদিয়াকৈ এই প্ৰথাৰ পৰা মুক্ত কৰাইছো। সেইসকল ছোৱালীৰ একাংশৰ পিছত মনে মিলা সংগীৰ সৈতে বিয়া হৈ গৈছে আৰু কিছুমানে পঢ়া-শুনা আৰম্ভ কৰি ভাল জীৱন কটাবলৈ সমৰ্থ হৈছে।’’
কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ দি সফলতা অৰ্জন
ঝগড়া নাটৰাৰ বহু ভুক্তভোগীয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দি নতুন আৰু মনে মিলা জীৱন লাভ কৰিবলৈকো সমৰ্থ হৈছে। এনে এগৰাকী যুৱতী হৈছে ৰামকলা। তেওঁ বিগত ৬ বছৰ ধৰি এই প্ৰথাৰ বিৰুদ্ধে যুঁজ দি আহিছে। তেওঁ নিজেই এটা সময়ত এই কু-প্ৰথাৰ বলি হৈছিল। কিন্তু নিজৰ সাহস আৰু মনোবলৰ জৰিয়তে ভয়লগা জীৱনৰ পৰা ওলাই আহিবলৈ সমৰ্থ হৈছিল।
আজিৰ সময়ৰ পৰা অতীতলৈ উভতি চাই ৰামকলা নিজেই আচৰিত হৈ পৰে। এই প্ৰথাৰ বাবে ৰামকলাই শহুৰৰ ঘৰৰ উপৰিও নিজৰ ঘৰো এৰিবলৈ বাধ্য হৈ পৰিছে। সম্প্ৰতি তেওঁ বিশ্ববিদ্যালয়ত অধ্যায়ন কৰি আছে আৰু এই প্ৰথাৰ বিৰুদ্ধে ছোৱালী আৰু মহিলাসকলক সজাগ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ঝগড়া নাটৰাৰ বলি হোৱা ৰামলালা আজি মুক্ত আৰু স্বাধীন
ৰামকলাই কয়, ''ছোৱালীবোৰক ইয়াৰ পৰা মুক্ত কৰাতো বহুত কঠিন হৈ পৰে। সামাজিকভাৱে ঝগড়া নাটৰা ধন দিবলৈ ছোৱালীবোৰৰ ওপৰত বহুতকৈ হেঁচা প্ৰয়োগ কৰা হয়। এনেক্ষেত্ৰত আমি তেনে ঘটনাৰ খবৰ লাভ কৰিলেই প্ৰথমে আৰক্ষীৰ ওচৰত গোচৰ দিয়াবলৈ চেষ্টা কৰো। বহু সময়ত ছোৱালী আৰু তেওঁৰ পৰিয়ালৰ সৈতে কথা-বতৰা পাতো। যদিহে তেওঁলোক বুজি পায় আৰু আমাৰ সৈতে সহযোগ কৰিবলৈ মান্তি হয় তেতিয়া আইন অনুযায়ী আমি সহায় আগবঢ়াই আহিছো।’’
ৰামকলা, মনা সুস্তানি আৰু আন কেবাগৰাকী সমাজ সচেতক লোকে বিভিন্ন প্ৰকাৰে এই কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ দি ভুক্তভোগী ছোৱালীসকলক উদ্ধাৰৰ চেষ্টা কৰি আহিছে। তৎসত্বেও কিন্তু কৌশল্যা, মাংগীবাঈৰ দৰে হাজাৰ হাজাৰ ছোৱালীয়ে এই কু-প্ৰথাৰ বলি হৈ নিজৰ জীৱন আৰু স্বাধীনতাৰ বিনিময়ত লাখ লাখ টকা পুৰুষৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছে।