সৰভোগঃ মহকুমাৰ সপোন যেন সপোন হৈয়ে ৰল৷ ইখনৰ পাছত সিখন চৰকাৰে যেন বুঢ়া আঙুলি দেখুৱাই আহিছে সৰভোগৰ ৰাইজক৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৪১ গৰাকী মুক্তি যোদ্ধাৰ স্মৃতি বিজড়িত বৰপেটা জিলাৰ বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজে চৰকাৰৰ চৰম প্ৰতাৰণা বলি হৈ ক্ষোভিত হৈ পৰিছে।

বিগত ৪৪ বছৰে বৰনগৰবাসীয়ে সৰভোগক মহকুমা ঘোষণা কৰাৰ দাবীত সংগ্ৰাম কৰি আহিছে। পুৰ্বৰ কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰভোগক মহকুমা ঘোষণা কৰিলে যদিও আজিলৈ মহকুমাৰ পূৰ্ণাংগ মৰ্যাদা লাভ নকৰাত হতাশ হৈ পৰিছে বৰনগৰবাসী৷

তৰুণ গগৈ চৰকাৰে ঢাক-ঢোল বজাই বৰনগৰ ৰাজহ চক্ৰৰ চৌহদত তদানীন্তন ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী চন্দন চৰকাৰে মহকুমাৰ কাৰ্যালয়ৰ গৃহ উদ্ধোধন কৰিছিল।

কাৰ্যালয় উদ্বোধনৰ ডেৰ বছৰ অতিক্ৰম কৰাৰ পিছতো এজনো কৰ্মচাৰী নিযুক্তি নিদিয়াত সৰভোগবাসীৰ চকু কপালত উঠিছে। বিগত বিধানসভা নিৰ্বাচনত বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসে গান্ধী ভৱনৰ এখন ৰাজহুৱা সভাত সৰভোগক পূৰ্ণাংগ মহকুমা কৰা হব বুলি  প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ বিজেপি দলে শাসনলৈ আহিল যদিও তৰুণ গগৈ চৰকাৰৰ দৰেই বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সৰভোগ মহকুমাৰ অস্তিত্ব বিচাৰি হাবাথুৰি খাইছে।