কাকপথাৰঃ ডিব্ৰুগড় ডিলাৰ ডিকম অইল ইণ্ডিয়া পাইপলাইনত সংঘটিত ২৪ মে'ৰ বোমা বিস্ফোৰণত নিহত আলফা স্বাধীনৰ সদস্য বেবী দহোতীয়া ওৰফে পলাশ অসমৰ টঙনা গাঁওস্থিত নিজা বাসগৃহত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতিৰে মৃতকৰ আদ্যশ্ৰাদ্ধ ৰাজহুৱা মাংগলিক কাৰ্য সম্পন্ন হয়।
অাজি টঙনাগাঁওস্থিত নিজা বাসগৃহত আয়োজন কৰা মাঙ্গলিক কাৰ্যৰ লগত সংগতি ৰাখি পুৱা ৮ বজাত আদ্যশ্ৰাদ্ধ মুকলি, ৯ বজাত আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠান আৰম্ভ কৰে।
ইয়াৰ পিছতেই ১০ বজাত মৃত ৰবীন দহোতীয়া সমাধিস্থলি আৰু প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে পিতৃ বত্ন দহোতীয়া আৰু মাতৃ বহাগী দহোতীয়াই। এই ৰাজহুৱা অদ্যশ্ৰাদ্ধত বিভিন্ন স্থানৰ পৰা পুৰুষ-মহিলাকে ধৰি সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়েও মৃতকৰ আত্মাৰ সদগতি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে মৃত আলফা(স্বা)ৰ সদস্য শেষকৃত্য ২৬ মে'ত স্থানীয় গাঁওবাসীৰ লগতে বিভিন্ন দল সংগঠনৰ উপস্থিতিতে টঙনা উচ্চ মাধ্যমিক বিদ্যালয খেলপথাৰৰ সমীপতে সম্পন্ন কৰি উক্ত স্থানতে ৰাজহুৱা ভাৱে সমাধিস্থলী প্ৰতিমূৰ্তি স্থাপন কৰে। সংগঠনটোৰ অধীনস্থ সংযুক্ত মুক্তি ফৌজ অসম স্বাধীনৰ অন্তৰ্গত ইষ্টাৰ্ন কমাণ্ডাৰৰ কৰ্মৰত সৈনিক সহযোদ্ধা কৰ্পৰেল পলাশ অসম (সৈনিক নং ২০,৬০২) ওৰফে ৰবীন (বেবী ) দহোতীয়াক আলফা স্বাধীনে জাতীয় অমৰ ঘোষণা কৰে ৷