নগাঁওঃ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকতাত অসমৰ এগৰাকী বোৱাৰীয়ে ৰহস্যজনকভাৱে মৃত্যুক সাৱতি ল'বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া এই মহিলাগৰাকী হৈছে ডেৰ বছৰীয়া এটি সন্তানৰ মাতৃ নগাঁও জিলাৰ শেনচোৱাৰ প্ৰণতি দাস।

ভাৰতীয় সেনা বাহিনীৰ জোৱান হিচাপে কৰ্মৰত কামপুৰৰ স্বামী মনোজ গোঁহাইৰ সৈতে কৰ্মসূত্ৰে কলকতাত আছিল মহিলাগৰাকী ৷ স্বামীয়ে পৰিকল্পিতভাৱে ৫ দিনৰ পূৰ্বে হত্যা কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীৰ পৰিয়ালে ৷

ইফালে,ৰে’লযোগে মৃতদেহ বঙাইগাঁৱলৈ আনি তাৰ পৰা এখন এম্বুলেন্সত কণমানি সন্তানৰ সৈতে মৃতদেহটো শেনচোৱালৈ পঠিয়াই দি মনোজ অন্তৰ্ধান হয় ৷ ম’বাইলৰ ছুইটচ অফ কৰি পলাতক অৱস্থাত থকা মনোজৰ এই পৰ্যন্ত কোনো শুংসূত্ৰ পোৱা হোৱা নাই।

উল্লেখ্য যে, প্ৰায় তিনি বছৰৰ পূৰ্বে প্ৰেমত পৰি পলাই গৈ বিৱাহপাশত আবদ্ধ হৈছিল মনোজ আৰু প্ৰণতি৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে  উচিত তদন্তৰে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷