মুছলপুৰঃ যোগী আদিত্য নাথ মুৰ্দাবাদ ধ্বনিৰে উত্তাল বাগছাৰ বাঁহবাৰী৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাহঁবাৰীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰি আদিবাসী ছাত্ৰ সন্থাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
আদিত্যনাথ মুৰ্দাবাদ, আদিত্যনাথক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে সংগঠটোৱে। ছ’চিয়েল মিডিয়াযোগে বিৰোধী কংগ্ৰেছৰ বদনাম গাবলৈ গৈ অসমৰ যুৱতীৰ ফটো জালিয়াতি কৰাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আজি এনেদৰে সৰৱ হৈ পৰে আদিবাসী ছাত্ৰ সংগঠনটো৷
উল্লেখ্য যে, ১৩ জুনৰ সন্ধিয়া ৬.৪০ বজাত দুখন ফটোসহ যোগী আদিত্য নাথৰ নামত থকা ফেচবুক পেজত আপলোড কৰিছিল এটি পোষ্ট। কংগ্ৰেছ বিৰোধী উক্ত পোষ্টটোত আপলোড কৰা ফটো দুখনত স্পষ্টকৈ দেখা গৈছে যে এদল লোকে এগৰাকী অসহায় যুৱতীক বেয়াকৈ মাৰধৰ কৰিছে। পোষ্টটোত ফটো দুখন পশ্চিমবংগৰ বুলি উল্লেখ কৰিছে সন্যাসী মুখ্যমন্ত্ৰীগৰাকীৰ নামত থকা পেজটোৱে।
কংগ্ৰেছৰ একাংশ কৰ্মীয়ে উক্ত হিন্দু মহিলাগৰাকীক মাৰধৰ কৰা বুলি অভিযোগ তোলা হৈছে পোষ্টটোত। কংগ্ৰেছৰ সভাত মোদী জিন্দাবাদ ধ্বনি দিয়া বাবেই মহিলাগৰাকীক কংগ্ৰেছীসকলে এনেদৰে নিৰ্লজ্জভাৱে নিৰ্যাতন চলাইছে বুলিও যোগীৰ পেজটোত অভিযোগ কৰাৰ পাছৰে পৰা অসমত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্ৰকৃততে পশ্চিমবংগত কংগ্ৰেছীয়ে এগৰাকী হিন্দু মহিলাক মোদী জিন্দাবাদ ধ্বনি দিয়া বাবে প্ৰহাৰ কৰা বুলি প্ৰচাৰ কৰা উক্ত ফটো দুখন হৈছে এক দশক পূৰ্বৰ অসমৰ এটি কলংকিত অধ্যায়ৰ। ফটো দুখনত থকা পেজটোত হিন্দু মহিলা বুলি উল্লেখ কৰা যুৱতীগৰাকী হৈছে লক্ষ্মী ওৰাং।
২০০৭ চনত গুৱাহাটীৰ ৰাজপথত আদিবাসী সংগঠনৰ হৈ প্ৰতিবাদ কৰিবলৈ আহি এনেদৰে একাংশ লোকৰ হাতত নিৰ্যাতিত হৈছিল লক্ষ্মী ওৰাং। এনেদৰে ১০ বছৰ পূৰ্বতে একাংশ লোকৰ হাতত নিৰ্যাতনৰ সন্মুখীন হোৱা আদিবাসী যুৱতীগৰাকীৰ ফটোৰে বিজেপিয়ে অপপ্ৰচাৰ চলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যখনৰ আদিবাসী ৰাইজ৷