ডিমাকুছিঃ চাহ-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ বাবে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি অহা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই জনগোষ্ঠীটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে৷
আজি সংগঠনটোৰ ওডালগুৰি নোনাইপাৰা প্ৰাথমিক গোট আৰু পানেৰী শাখা সমিতিয়ে হাইস্কুল আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
নোনাইপাৰা চাহ বাগিচা গধূলি বজাৰ প্ৰাংগণত কাৰ্তিক নায়কৰ সভাপতিত্বত অনুষ্ঠিত সম্বর্ধনা সভাত টংলা আৰু পানেৰীৰ কৃতী ছাত্ৰ-ছাত্ৰীক মান পত্ৰ আৰু ফুলাম গামোছাৰে সম্বর্ধনা জনায়।
সভাত উপস্থিত আছিল পানেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ ডেকা, আটছাৰ গৰুৱাঝাৰ উপ-শাখা সমিতিৰ সভাপতি দ্বীপ তাঁতী, নোনাইপাৰা চাহ বাগিচা মহিলা গোটৰ সভানেত্ৰী ছাৰিতা খালখো শিক্ষাগুৰু আৰু প্ৰাক্তন আটছা কৰ্মী সকল।