ৰঙিয়াঃ ডকাইত ধৰিবলৈ গৈ বিমোৰত পৰিল ৰঙিয়া আৰক্ষী৷ বেংকৰ এজেন্টৰ টকা লুটি নিয়াৰ অভিযুক্তৰ সন্ধানত বুধবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে কছাৰী শৌলমাৰী ব্যাপক অভিযান চলাইছিল৷
ৰঙিয়া কছাৰী শৌলমাৰী গাঁৱৰ কৰিম আলী নামৰ এজন যুৱকক আটক কৰাৰ পিছত কৰিমৰ ভাষ্যৰ ভিত্তিত একেখন গাঁৱৰে খাইৰুল ইছলাম নামৰ আন এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷
কৰিম আলীক আৰক্ষীয়ে আটক কৰিবলৈ গৈ কৰিমৰ পৰিয়ালৰ লোকসকলৰ বাবে বিমোৰত পৰে আৰক্ষীয়ে৷ পৰিয়ালৰ লোকসকলে আৰক্ষীৰ গাড়ী আৱদ্ধ কৰি আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয়৷
ফলত খালী হাতে উভতি আহিব লগা হয় আৰক্ষীৰ দলটো৷ পিছত নিশাই ৰঙিয়া আৰক্ষীৰ এটি বৃহৎ দল কৰিমৰ ঘৰত উপস্থিত হৈ কৰিমৰ লগতে আৰক্ষীক কৰ্তব্যত বাধা দিয়া নজৰুল ইছলাম, ইমৰাণ আলী আৰু বুবুল আলীক আটক কৰে৷
কৰিমৰ পৰিয়ালৰ সৈতে আৰক্ষীৰ হতাহতি হোৱাত আৰক্ষীৰ এজন হোমগাৰ্ড আৰু ডকাইতিৰ অভিযোগত অভিযুক্ত খাইৰুল ইছলামৰ এগৰাকী ভাতৃ আহত হয়। উল্লেখ্য় যে, ৰঙিয়া-গোৰেশ্বৰ পথত তিনিদিন পূৰ্বে বন্ধন বেংকৰ এজেন্টৰ পৰা ১ লাখ ৩০ হেজাৰ টকা লুটি নিছিল খাইৰুল আৰু কৰিমে৷