গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ নগৰ সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত মিছন মেলা, ২০১৭ অনুষ্ঠিত হৈ যায়। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই মেলাৰ শুভ উদ্বোধন কৰে তামুলপুৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে।

পতাকা উত্তোলন কৰে অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে। স্থানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বচ্ছ ভাৰত মিছন মেলা উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁতধৰে গোৰেশ্বৰ নগৰ সমিতিৰ উপ-সভাপতি মন্টুৰাম ডেকাই।

সমল ব্যক্তি হিচাপে উপস্থিত থাকি পংকজ নাৰায়ণ চৌধুৰীয়ে কয় যে বৰ্তমান সময়ত গাঁও অঞ্চলতকৈ নগৰ-চহৰত পৰিৱেশ অস্বাস্থ্যকৰ হৈ পৰিছে। কৃত্রিম বানপানীৰ সমস্যাই নগৰাঞ্চলকে বেছি জুৰুলা কৰিছে।

প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশ বিনষ্ট কৰি পেলাইছে। সেয়েহে নগৰ অঞ্চলৰ পৰিৱেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোৱে সজাগ হ'বৰ হ'ল। সভাৰ অন্তত গৰু, ছাগলী, গাহৰী মাংসৰ পৰা সাৱধানতা কেনেকৈ অৱলম্বন কৰিব লাগে তাৰ ওপৰত এখন তথ্য চিত্ৰ প্ৰদৰ্শন কৰি উপস্থিত কেইবশতাধিক ৰাইজক স্বচ্ছ ভাৰত অভিযান সম্পৰ্কে অবগত কৰাই।