মোৰাঝাৰঃ অসম চৰকাৰে আয়োজন কৰা নিয়োগ মেলাত হোজাই জিলাৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিছে৷ ৰাজ্য চৰকাৰ গ্ৰামীণ আজীৱিকা মিছন চমুকৈ এএছআৰএলএমৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোৱা ২২ জুনত মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰত নিয়োগ মেলাৰ আয়োজন কৰে৷
নিয়োগ মেলাত হোজাইৰ মৰ্কজুল মা’ আৰিফৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰীয়ে বাজি মাৰিবলৈ সক্ষম হয়৷ মুঠ ৪২ টা বিভিন্ন কোম্পানীয়ে অংশগ্ৰহণ কৰা মেলাত মৰ্কজুল মা’ আৰিফৰ ৬৪ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছিল৷ ইয়াৰে ৫৬ গৰাকীৰ চাকৰি নিশ্চিত হয়৷
মৰ্কজুলৰ সহকাৰী সাধাৰণ সম্পাদক ফাৰুক আহমেদৰ নেতৃত্বত অংশ লোৱা মৰ্কজুলৰ ডিডিইউ-জিকেৱাইৰ প্ৰশিক্ষাৰ্থীসকলে সাক্ষাৎকাৰত আন কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীৰ তুলনাত উন্নত ফলাফল প্ৰদৰ্শন কৰে৷
ডিডিইউ-জিকেৱাৰ উত্তৰ-পূৱৰ সৰ্বোত্তম কেন্দ্ৰ ৰূপে স্বীকৃত মৰ্কজুল মা’ আৰিফে ৫৬-৬৪ গৰাকীৰ নিয়োগ নিশ্চিত কৰি চমক সৃষ্টি কৰিছে৷ উল্লেখ্য যে গ্ৰামীণ এলেকাৰ দৰিদ্ৰ যুৱক-যুৱতীৰ কৰ্মসংস্থান নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা আঁচনি সমগ্ৰ ভাৰতত চলি আছে৷