অভয়াপুৰীঃ ৰমজানৰ মাহতে হানীট্ৰেপিঙৰ কবলত পৰিল এজন ইমাম। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত। প্ৰাপ্ত বাতৰি মতে গোৱালপাৰা জিলাৰ বগুৱানৰ এটা মছজিদৰ ইমাম ছলেমান হুছেইনে বৃহস্পতিবাৰে নিশা যোগীঘোপাৰ কাবাইটাৰী অঞ্চলত মছজিদৰ বৰঙণি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে যুৱকৰ দল এটাৰ সৈতে সাক্ষাৎ হয়।
যুৱককেইজনে ইমামজনক অভয়াপুৰী চহৰৰ এঘৰলৈ আহিলৈ অধিক ধন বৰঙণি হিচাপে আগবঢ়াব বুলি জনায়। যুৱকৰ দলটোৰ এনে কথাত ভোল গৈ ইমামজনে অভয়াপুৰীলৈ আহিবলৈ একেষাৰে মান্তি হয়। লগে লগে যুৱককেইজনে ইমামজনক অভয়াপুৰীলৈ লৈ আহে। অভয়াপুৰী পোৱাৰ পিছত মহাত্মা গান্ধী পথৰ এঘৰলৈ লৈ যায় প্ৰথমে বহিবলৈ দিয়া হয়। কিছু সময় শান্তিৰে বহাৰ পিছতে আৰম্ভ হয় আচল খেল। ঘৰটোৰ গৰাকীৰ নাম মনোজ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।
হঠাৎ যুৱককেইজনে কোঠাটোৰ দুৱাৰ জপাই দি ডেগাৰ, ছুৰী আদি প্ৰদৰ্শন কৰি ইমামজনক বিবস্ত্ৰ হ’বলৈ বাধ্য কৰায়। বিবস্ত্ৰ হোৱাৰ পিছতে এগৰাকী কলেজীয়া ছাত্ৰীৰ আগমন ঘটে কোঠাটোত। ছাত্ৰীগৰাকীৰ কিছু আপত্তিজনক ভিডিঅ’ সংগ্ৰহ কৰি ইমামজনৰ পৰা ডেৰ লাখ টকা দাবী কৰে। ধন নিদিলে সেই আপত্তিজনক ছবি ইণ্টাৰনেটত ৰাজহুৱা কৰি দিব বুলি ভাবুকি প্ৰদান কৰে।
নিৰুপায় হৈ ইমামকেইজনে টকা দিবলৈ মান্তি হৈ পিছদিনা আদায় দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই প্ৰতিশ্ৰুতি পাই যুৱকৰ দলটোৱে ইমামজনক মুকলি কৰি দিয়ে। দলটোৰ কবলৰ পৰা মুক্ত হৈয়ে অশ্লীল ভিডিঅ’ ৰাজহুৱা কৰালৈ ভয় নকৰি পোনে পোনে আৰক্ষীৰ কাষ চাপে ইমাম ছলেমান। আৰক্ষীয়ে সকলোখিনি জানি লৈ হানীট্ৰেপিং চক্ৰটোক কৰায়ত্ত কৰিবলৈ পৰিকল্পনা কৰে।
এই অনুযায়ী আজি আৰক্ষীয়ে ইমামজনৰ জৰিয়তে ধন নিবলৈ দেওহাটী অঞ্চললৈ মাতি পঠিয়াই। আৰক্ষীয়ে পতা এই জালত সহজে ভৰি দি হানীট্ৰেপিং চক্ৰটোৰ দুজন যুৱকে ধন নিবলৈ আহি আটক হয়। ধৃত যুৱক দুজনক অভয়াপুৰীৰ ৰৌমাৰীৰ জিম্পু খান আৰু ৰুণজুন বুলি জানিব পৰা গৈছে। দলটোৰ আন এজন সদস্য পলাতক বুলি সদৰী কৰিছে আৰক্ষীয়ে। পলাতক সদস্যজন হৈছে বিদ্যাপুৰৰ সত্যজিৎ সূত্ৰধৰ।
ঘটনাটোৰ সৈতে জড়িত ছাত্ৰীগৰাকী হানীট্ৰেপিং চক্ৰটোৰ সদস্য হয় নে বলপূৰ্বকভাৱে তেনে কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱা হৈছিল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে অপকৰ্ম সংঘটিত হোৱা পৰিয়ালটোৰ বাসগৃহত অভিযান চলাই যদিও মাতৃ-কন্যা পলাতক হৈ আছে। এই ঘটনাই সমগ্ৰ অভয়াপুৰীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।