কাজলগাঁওঃ চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনাৰ সপ্তম শিখলাই ৰেজিমেন্টৰ অভিযানত চিৰাঙৰ চিদলী আৰক্ষী থানাৰ অন্তৰ্গত পলাশবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এনডিএফবি ছংবিজিত পন্থীৰ এজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে।
ধৃত সদস্যজন ৰুণীখাতা থানাৰ অন্তৰ্গত ১নং টুক্ৰাঝাৰৰ সুদেম নাৰ্জাৰী ওৰফে এন ছুজুখাং নাৰ্জাৰী বুলি জানিব পৰা গৈছে। ধৃত সদস্যজনৰ পৰা সেনা-আৰক্ষীয়ে এটা ৭.৬৫ পিষ্টল, দুটা মেগজিন, পাঁচজাই সজীৱ গুলী উদ্ধাৰ কৰে।
ধৃত এনডিএফবি ছংবিজিত পন্থীৰ সদস্যজনে ২০১১ চনত এনডিএফবিত যোগদান কৰি চল্লিশ নম্বৰ গোটৰ সদস্য হিচাপে ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি চিৰাঙত সাংগঠনিক কাম-কাজ চলাই আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷
বিগত ২০১৪ চনৰ শেষৰ ফালে এনডিএফবিৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ চলা অপাৰেশ্যন অল আউটৰ সময়ত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ দক্ষিণ ভাৰতৰ বাংগালোৰত আত্মগোপন কৰি আছিল৷
কিছুদিন আগতে সদস্যজন বাংগালোৰৰ পৰা উভতি আহি চিদলী এলেকাত থকাৰ তথ্য লাভ কৰি আৰক্ষী আৰু সেনা বাহিনীয়ে আজি অভিযান চলাই কোনো গ্ৰেপ্তাৰ কৰে এনডিএফবি ছংবিজিত পন্থীৰ সদস্যজনক৷ ধৃত সদস্য জনক আজি কাজলগাঁৱৰ জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰাত জেল হাজোতলৈ প্ৰেৰণ কৰে।