নাওকাটাঃ অৱশেষত সুৰ সলালে ২০১৬ বৰ্ষত মিছেছ এছিয়া ইন্টাৰনেশ্যনেলৰ খিতাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা সীমা সুবেদীয়ে।
সুন্দৰীগৰাকীয়ে বিতৰ্কিত মন্তব্য প্ৰদান কৰি বিশ্বৰ ভিন্ন প্ৰান্তত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে নিজৰ সুৰ সলনি কৰি ক্ষমা খুজিলে নেপাল তথা বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা নেপালীবাসীৰ ওচৰত।
কেইদিনমান পূৰ্বে গোৰ্খালেণ্ডৰ প্ৰসংগত নেপালত বসবাস কৰা লোকসকলে ভাৰতলৈ বাচন-বৰ্তন ধুবলৈ আহে বুলি ছ’চিয়েল মিডিয়াযোগে এক ভিডিঅ আপলোড কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল জন্মসূত্ৰে বাগসা জিলাৰ সুৱাগপুৰৰ জীয়ৰী সীমা সুবেদী।
ছ’চিয়েল মিডিয়া চাইট আৰু ইউ টিউবযোগে সম্প্ৰচাৰিত উক্ত ভিডিঅ বিশ্বৰ বিভিন্ন প্ৰান্তে-প্ৰান্তে বিয়পি পৰাৰ পিছতে দেশৰ লগতে চবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটান মালেয়চিয়া, ইউ.এ.ই., গ্ৰেট বৃটেইন, আমেৰিকা, ম্যানমাৰ, জাৰ্মান আদিত বসবাস কৰা নেপালী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল সুন্দৰীগৰাকী।
আনকি সুন্দৰীগৰাকীৰ বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰত নেপাল তথা অন্য প্ৰান্তৰ লোকসকলে ভৱিষ্যতে সীমাই নেপালৰ মাটিত ভৰি থ’লেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ৱ লাগিব বুলি ছ’চিয়েল মিডিয়াযোগে সকীয়নি প্ৰদান কৰিছিল।
এনে প্ৰতিক্ৰিয়াৰ পিছতে সুন্দৰীগৰাকীয়ে ছচিয়েল মিডিয়াযোগে এক ভিডিঅ আপলোড কৰি ক্ষমা খোজে সমগ্ৰ নেপালীবাসী তথা বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা নেপালী নাগৰিকসকলৰ ওচৰত।
নেপালী ভাষাত সম্প্ৰচাৰিত ১৭ মিনিট ১৪ চেকেণ্ডৰ উক্ত ভিডিঅটোৰ জৰিয়তে সুন্দৰীগৰাকীয়ে নেপালবাসীৰ মনত আঘাত দিয়াৰ অভিপ্ৰায়েৰে উক্ত ভিডিঅ সম্প্ৰচাৰিত কৰা নাছিল বুলি উল্লেখ কৰি নেপাল আৰু ভাৰতৰ সম্পৰ্ক ভাতৃসূলভ বুলি উল্লেখ কৰে।
তদুপৰি দেশ বেলেগ হ'লেও ভাৰতীয় গোৰ্খা আৰু নেপালৰ ভাষা, সংস্কৃতিৰ মিল থকা বুলি ভিডিঅটোৰ জৰিয়তে উল্লেখ কৰি নেপালী-গোৰ্খাসকলৰ পৰিচয় বিশ্ববাসীৰ ওচৰত দাঙি ধৰাৰ স্বাৰ্থত সকলোৱে একত্ৰিতভাৱে কাম কৰি যোৱা উচিত বুলি উল্লেখ কৰে।