ৰঙিয়াঃ ৰঙিয়াৰ ততাৰকুছিত ঘৰত অকলে থকা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই দুৰ্বৃত্তই ধৰ্ষণৰ অপচেষ্টা চলাইছিল মহিলাগৰাকীক। পিছত ভূক্তভোগী মহিলাৰ চিঞৰ-বাখৰত স্থানীয় লোক উপস্থিত হৈ দুই দুৰ্বৃত্তক উত্তম-মধ্যম শোধাই আৱদ্ধ কৰে।

এই লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী । ধৰ্ষণৰ অপচেষ্টা চলোৱা দুই অভিযুক্তক গতাই দিলে ৰঙিয়া আৰক্ষীক ।

অভিযোগ মতে, বুধবাৰে নিশা ততাৰকুছি অঞ্চলৰ এগৰাকী মহিলাৰ ঘৰত দুই যুৱকে বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি প্ৰথমে মহিলা গৰাকীৰ ওপৰত নিৰ্যাতন চলায়।

দুই যুৱকে মহিলা গৰাকীক মৃত্যুৰ ভাবুকি দি ধৰ্ষণৰ অপচেষ্টা চলায় । মহিলা গৰাকীয়ে চিঞৰাত স্থানীয় ৰাইজে যুৱক দুজনক হাতে-লোটে ধৰি লপা-থপা দিয়ে।

ধৰ্ষণৰ অপচেষ্টা চলোৱা দুই যুৱক হৈছে ৰঙিয়াৰ সমীপৰ গড়ভিতৰ বালাগাঁৱৰ মকিব ৰহমান আৰু ৰমজান আলী। বৰ্তমান ৰঙাঘৰৰ আলহী দুই লম্পট যুৱক। ইতিমধ্যে ভুক্তভোগী মহিলাই ৰঙিয়া থানাত যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।