প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গোৰেশ্বৰঃ বিজেপিয়ে হিন্দু বাঙালীসকলক ৰাজনৈতিক-অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰি দখল কৰিছিল যদিও হিন্দু বাঙালীসকল আজিও শোষণ-বঞ্চনাৰ বলি হৈ আহিছে।

সৰ্বানন্দ সোনোৱাল নেৰ্তৃত্বাধীন বিজেপি চৰকাৰে হিন্দু বাংলাদেশী সকলক প্ৰতাৰণা কৰিছে৷ এই অভিযোগ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ৷

সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি সুজন পালে বিজেপিৰ বিৰুদ্ধে এক বিবৃতি যোগে এনেদৰে ক্ষোভ ব্যক্ত কৰে। সংগঠনটোৰ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আলোচনা কৰা বুলিও বিবৃতিত উল্লেখ কৰে৷

বিবৃতিত নেতা জনে আৰু কয়-আজি হিন্দু বাঙালী হাত সাৱটি বহি থাকিলে নহ’ব। সোনোৱালে চৰকাৰে যোৱা নিৰ্বচনৰ প্ৰাক মুহূৰ্তত হিন্দু বাঙালীক ৰাজনৈতিক সুৰক্ষা প্ৰদানৰ আশ্বাস দিছিল। কিন্তু চৰকাৰ গঠন হোৱা এবছৰ পিছতো হিন্দু বাঙালীসকল ৰাজনৈতিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আহিছে।

হিন্দু বাঙালীক ৰাজনৈতিক সুৰক্ষা প্ৰদানৰ বিপৰীতে ভাৰতীয় নাগৰিকৰ প্ৰামাণ পত্ৰ বিচৰাৰ নামত হাৰাশাস্তি কৰি থকা হৈছে। আনকি উপযুক্ত নথিপত্ৰ জমা দিয়াৰ পিছতো বহু হিন্দু বাঙালী লোকক ডিটেনচন কেম্পত থাকিব লগা হৈছে।

বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি নাগৰিকৰ মৌলিক অধিকাৰ খর্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে বঙালী সংগঠনটোৱে। আগন্তুক দিনত হিন্দু বাঙালীক হাৰাশাস্তি বন্ধ নকৰিলে তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিছে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিয়ে।