বালিপৰাঃ ১৮৫৫-৫৬ চনত বৃটিছসকলৰ শোষণৰ পৰা ভাৰতবাসীক মুক্ত কৰাৰ বাবে দুই ভাতৃ চিদু মুৰ্মূ আৰু কানুহু মুৰ্মূয়ে হাতত অস্ত্ৰ তুলি লৈছিল৷ দুই ভাতৃ চিদু মুৰ্মূ আৰু কানুহু মুৰ্মূৰ আহ্বান মৰ্মে ১৮৫৫ চনৰ ৩০ জুনত ঝাৰখণ্ডৰ ভাগনাদিহি পাঁচ কাঠিয়া গাঁৱৰ প্ৰায় দহ হাজাৰ চাঁওতাল সমবেত হৈ বিদেশী শাসন ওফৰাই পেলোৱাৰ উদ্দ্যেশ্যে ৭ জুলাইৰ পৰা সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল।
এই সশস্ত্ৰ সংগ্ৰামত ইংৰাজৰ বন্দুক-বাৰুদৰ বিৰুদ্ধে ব্যৱহাৰ হৈছিল ধনু কাৰ৷ ইংৰাজৰ অস্ত্ৰৰ সন্মুখত ধনু কাৰেৰে টিকি থকাতো আছিল অতি কষ্টকৰ। ইয়াৰ মাজতো এনেকৈয়ে ৮ মাহ ধৰি সংগ্ৰাম চলাৰ অন্তত ১৮৫৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত আন্দোলনৰ গুৰি ধৰোতা দুই ভাতৃ চিদু মুৰ্মু আৰু কানুহু মুৰ্মূক ইংৰাজে মৃত্যুদণ্ডৰে দণ্ডিত কৰি আন্দোলন মষিমূৰ কৰে। অৱশেষত ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰে।
দুই শ্বহীদলৈ সন্মান জনাই চাওঁতাল ছাত্ৰ সন্থা আৰু চাওঁতাল মাঝি সমতিয়ে প্ৰতি বছৰে ৩০ জুনৰ দিনটোক ৰাষ্ট্ৰীয় সংহতি দিৱস হিচাপে পালন কৰি আহিছে।
এই অনুযায়ী চাওঁতাল ছাত্ৰ সন্থাৰ বালিপৰা আঞ্চলিক সমিতিয়ে আজি উলহ-মালহৰে উদযাপন কৰে সংহতি দিৱস৷ পুৱা ৭ বজাত পতাকা উত্তোলন কৰে বালিপৰা চাঁওতাল মাঝি সমিতিৰ সভাপতি সন্তোষ মুৰ্মূ আৰু চাওঁতাল ছাত্ৰ সন্থাৰ বালিপৰা আঞ্চলিকৰ সভাপতি কিষান টুডুয়ে। ইয়াৰ পাছতে দুই স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে লাল চৰেনে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত দিনৰ ১ বজাৰ পৰা কুৰবেশ্বৰ মাৰ্ডোৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত উদ্দেশ্য বাখ্যা কৰে সন্তোষ মুৰ্মূৱে।
সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সমাজকৰ্মী তথা সাহিত্যিক শ্বেখৰ হেম্বৰমে চিদু মুৰ্মূ আৰু কানুহু মুৰ্মূক কোনো চৰকাৰে উচিত মৰ্যাদা দিয়া নাই বুলি ক্ষোভ ব্যক্ত কৰে৷ চাওঁতাল ছাত্ৰ সন্থা আৰু চাওঁতাল মাঝি সমতিয়ে চাওতাল জনগোষ্ঠীৰ লোক হোৱা বাবেই চিদু মূৰ্মু-কানুহু মূৰ্মু অৱহেলিত বুলি কৈ উচিত মৰ্যাদা দিয়াৰ দাবী জনায় চৰকাৰক৷
স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ পাছতো চৰকাৰে এই ভাতৃদ্বয়ক ৰাষ্ট্ৰীয় শ্বহীদ মৰ্যদা নিদি বাজপেয়ী চৰকাৰৰ দিনত ২০০২ চনত দুয়োজনৰ নামত কেৱল ডাক টিকট উন্মোচন কৰিয়েই দ্বায়িত্ব সামৰি থোৱা কাৰ্যতো আক্ষেপ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃবৃন্দই।