ওৰাংঃ জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধকৰ বিৰুদ্ধে উৰাবাতৰি প্ৰচাৰ হোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙৰ নিকটৱৰ্তী সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ব্যাপক প্ৰভাৱ পৰিছিল৷ উৰাবাতৰিৰ পিছৰে পৰা অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিওৱা নাছিল।

জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত চিকিৎসা কৰ্মীসকলে গাঁৱলৈ যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সংখ্যালঘু লৰা-ছোৱালীয়ে বিদ্যালয়লৈ অহা নাছিল৷ এনে এক পৰিস্থিতি সত্বেও সকলো বাধা অতিক্ৰমি প্ৰতিদিনে বিদ্যালয়লৈ আহিছিল ৫গৰাকী ছাত্ৰী।

ভেকচিন আতংকৰ পাছৰে পৰা ওৰাঙৰ পাউৰীপোটা গান্ধী স্মৃতি মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলে বিদ্যালয়লৈ পঠিওৱা নাছিল৷ দুয়োখন বিদ্যালয়ৰ প্ৰায় ৪০০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কিন্তু ব্যতিক্ৰম আছিল পাঁচগৰাকী ছাত্ৰী।

উৰাবাতৰিৰ বাধা ওফৰাই নিজেও দৈনিক বিদ্যালয়লৈ যোৱাৰ লগতে আন সহপাঠীসকলকো এই ক্ষেত্ৰত উৎসাহিত কৰি আহিছিল। সাহসী আৰু যুক্তিবাদী এই ছাত্ৰীকেইগৰাকী হৈছে নাজিৰা বেগম, মৰিয়ম বেগম, নাৰ্গিছ চুলতানা, মৰ্জিনা খাতুন, মঞ্জুৱাৰা খাতুন। উৰাবাতৰি আৰু বেজীলৈ ভয় নকৰি বিদ্যালয়ত উপস্থিত থকা এই ছাত্ৰীকেইগৰাকীক ভূঁয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।

ছাত্ৰী কেইগৰাকীয়ে শিক্ষকে কেতিয়াও ছাত্ৰ-ছাত্ৰীৰ অহিত চিন্তা নকৰে সেয়েহে শিক্ষক আৰু চিকিৎসকে যি উপদেশ দিয়ে সেই ধৰণে আগবাঢ়ি যাব লাগে বুলি মত আগবঢ়ায়। ছাত্ৰীকেইগৰাকীৰ এনে সাহসী পদক্ষেপক স্বাস্থ্যকৰ্মীসকলেও শলাগ লৈছে। এনে সাহস আৰু বলিষ্ঠ পদক্ষেপৰ বাবে ছাত্ৰী কেইগৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়। ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত পাউৰীপোটা গান্ধী স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।

উল্লেখ্য যে, চৰকাৰে প্ৰদান কৰা প্ৰতিষেধকক লৈ সৃষ্টি হোৱা উৰাবাতৰিৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ৷ বিশেষকৈ ওৰাং অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি সেৰেঙা হৈ পৰিছিল। শেহতীয়াভাৱে উৰাবাতৰিৰ কবলৰ পৰা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক মুক্ত কৰাৰ বাবে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰৱন্ধক পংকজ সভাপণ্ডিতৰ নেতৃত্বত সজাগতা সৃষ্টিৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

ইয়াৰে অংশ হিচাপে পাউৰীপোটা গান্ধী স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত বিপিএম পংকজ সভাপণ্ডিতে চিকিৎসা বিজ্ঞানৰ উন্নত প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে উৰাবাতৰিৰ প্ৰভাৱত শংকিত হৈ পৰাতো উদ্বেগজনক বুলি কয়। আনহাতে "ৰাষ্ট্ৰীয় বাল স্বাস্থ্য অভিযান" আঁচনিৰ জৰিয়তে অনুষ্ঠানটোত শিশুসকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়।

বিভিন্ন ঠাইত স্বাস্থ্য কৰ্মীসকলে ভাবুকিৰ সন্মুখীন হ'বলগীয়া হোৱাতো দুখ প্ৰকাশ কৰে সভাপণ্ডিতে। ইফালে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক টিকাকৰণ প্ৰক্ৰিয়া বন্ধ হৈ পৰাতো উদ্বিগ্নতা প্ৰকাশ কৰে খণ্ড প্ৰৱন্ধকগৰাকীয়ে। চৰকাৰে প্ৰস্তুত কৰা আঁচনিসমূহে ৰাইজৰ কেতিয়াও অপকাৰ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।