ডিজিটেল ডেস্কঃ ধৰ্ষণনৰ চহৰ ৰূপে পৰিগণিত দেশৰ ৰাজধানী চহৰ দিল্লীয়ে সুনাম কঢ়িয়ালে দেশলৈ৷ ৰাজধানী চহৰখনৰ বিমানবন্দৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰে নিৰাপত্তাৰ বাবে বিশ্বৰ শীৰ্ষত স্থান লাভ কৰিছে৷ 

ৱৰ্ল্ড ইকুয়েলেটি কংগ্ৰেছে বিমানবন্দৰটোলৈ আগবঢ়াইছে এক স্বীকৃতি৷ বিশ্বৰ আটাইবোৰ বিমান বন্দৰৰ ভিতৰত আটাইতকৈ সুৰক্ষিত বিমানবন্দৰ ৰূপে নিৰ্বাচিত হৈছে এই বিমানবন্দৰটো৷ প্ৰতি বছৰে প্ৰায় ৬ কোটি যাত্ৰীৰ সমাগম আহ-যাহ ঘটা এই বিমানবন্দৰটোৰ নিৰাপত্তাৰ দায়িত্বত আছে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী৷

অহা ৬ জুলাইত মুম্বাইত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক পুৰষ্কাৰ প্ৰদান কৰিব ৱৰ্ল্ড ইকুৱেলিটি কংগ্ৰেছে৷ 
হিথৰো, দালাছ, লছ এঞ্জেলছ, পেৰিছৰ বিমানবন্দৰক পিছ পেলাই এই সন্মান লাভ কৰিছে দিল্লীৰ বিমানবন্দৰটোৱ৷ 

আনহাতে নিতৌ বহুত চাপত কাম কৰিও কেৱল অৰ্ধসামৰিক বাহিনীৰ কৰ্মীসকলৰ এয়া কষ্টৰ ফল বুলি অভিহিত কৰিছে চিআইচিএফৰ এজন বিষয়াই৷