ওদালগুৰিঃ ওদালগুৰিৰ খাউৰাঙত যোৱা ৪জুলাইত ৰাষ্ট্ৰীয় শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আৱক্ষ মূৰ্তি ক্ষতিৰ ক্ষতিসাধন কৰাৰ প্ৰতিবাদত আগছুৱে আহ্বান জনোৱা ওদালগুৰি জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

আগছুৰ ১২ঘণ্টীয়া বন্ধৰ ফলত ওদালগুৰি চহৰত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গৈছে।বন্ধৰ অন্যান্য প্ৰান্ততো ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠানৰ লগতে দূৰণিবটীয়া যান-বাহনসমূহ বন্ধ হৈ পৰাৰ বাতৰি আহিছে।

ইফালে পুৱাৰ ভাগত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জলোৱাৰ লগতে ওদালগুৰিৰ বিভিন্ন অঞ্চলত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যদিও যিকোনোধৰণৰ সাম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ নিৰাপত্তাৰক্ষীক সষ্টম কৰি ৰাখিছে জিলা প্ৰশাসনে।

উল্লেখ্য যে, উক্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছত যোৱা বৃহস্পতিবাৰে আগছুৰ কেন্দ্ৰীয় সমিতিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি এক প্ৰতিবাদী সভা অনুস্থিত কৰিছিল।আগছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰীৰ নেতৃত্বত অহা সজাতি দলটোৱে ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত দোষীক বিচাৰি শাস্তি প্ৰদানৰ দাবী জনায়। কিন্তু দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাত সংগঠনটোৱে এই বন্ধৰ আহ্বান জনায়।