শিমলুগুৰিঃ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিমলুগুৰি আঞ্চলিক মুছলিম মহিলা পৰিষদে অনুষ্ঠিত কৰা তিনিদিনীয়া জিকিৰ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে।
১১ জুলাইৰ পৰা শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা জিকিৰ কৰ্মশালাত অঞ্চলটোৰ ৫০ গৰাকী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰি আনাতাৰ শিল্পী ফৰিদুৰ ৰহমানৰ পৰা জিকিৰৰ প্ৰশিক্ষণ লয়।
কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মণিৰুল ইছলাম বড়া, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপিকা তছলিমা ৰহমান, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰ বেগম, শিক্ষয়িত্ৰী ইদবাহাৰ বেগম, সাংবাদিক বিপিন হাজৰিকা, নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান, শিক্ষক দুৰ্লভ ফুকন আদি উপস্থিত থাকি জিকিৰৰ প্ৰচলন আৰু সংৰক্ষণ ওপৰত বক্তব্য আগবঢ়ায়।
উক্ত অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক মুছলিম মহিলা পৰিষদে সম্বর্ধনা জনায়।