ডিজিটেল ডেস্কঃ বিপদত পৰিছে দেশৰ ৰাজধানী। পুনৰ ভয়ংকৰ ধুলিৰ আৱৰণত ঢাক খাই পৰিছে ৰাজধানী দিল্লী। প্ৰদূষণৰ মাত্রা ভয়ানক ভাবে বাঢ়ি অহাৰ ফলত জাৰি কৰা হ’ল স্বাস্থ্য সংক্রান্তত জৰুৰী অৱস্থা। কিছুদিনৰ কাৰণে বন্ধ কৰি দিয়া হ’ল সকলো বিদ্যালয়। নৱেম্বৰত দিল্লী গেছ চেম্বাৰত পৰিণত হয় বুলি অভিযোগ কৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে।
দিল্লী চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দি টুইট কৰি কয়, উচ্চমাত্রাত বৃদ্ধি পোৱা প্ৰদূষণৰ কাৰণে সকলো বিদ্যালয় বন্ধ ৰাখিবলৈ শিক্ষামন্ত্রী মনিষে উল্লেখ কৰে৷
মঙলবাৰে পুৱা প্ৰদূষণৰ কাৰণে আর্দ্রতাৰ লগত মিলিত হৈ ঘন ধুলিৰে ঢাক খায় দিল্লী। সাংঘাতিক ভাৱে কমি যায় দৃশ্যমান্যতা। যাৰ প্রভাৱ পৰে বিমান আৰু ৰেল সেৱাৰ ওপৰত। বন্ধ কৰি দিয়া হয় দিল্লী বিমানবন্দৰ উৰণ। দেৰিকৈ উৰা মাৰে ২০ খন বিমানে। পুৱা দহটা কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ ৰেকর্ডত দেখা যায়, বতাহৰ মান 'severe' বা তীব্র অৱস্থাত পায়গৈ। বিগত বছৰ বোৰত দিল্লীত এনে পৰিস্থিতি হৈছিল ২০ অক্টোবৰ তথা দীপাৱলীৰ পিছত।
জৰুৰী অৱস্থা জাৰি কৰে ইণ্ডিয়ান মেডিকেল এচোচিয়েছনে। মার্কিন দূতাবাসৰ ৱেবচাইটত দিয়া তথ্যত দেখা গৈছে, বতাহত প্ৰদূষণৰ মাত্রা PM2.5 হিচাপে পৰিচিত আৰু শৰীৰৰ পক্ষে অত্যন্ত ক্ষতিকাৰক, সেইয়া স্বাভাবিকৰ তুলনাতকৈ দুগুন হোৱা পৰিলক্ষিত হৈছে।
ভয়ংকৰ পৰিস্থিতিৰ আগ্ৰাসনত থকা দিল্লী বিমানবন্দৰ মেট্রো আৰু অনান্য চৰকাৰি প্রতিষ্ঠানত কর্তব্যৰত CISF কর্মীসকলৰ বাবে ৯,০০০ মাস্ক বনোৱাৰ নিৰ্দেশ দিয়া হৈছে।