ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ তাৰ পিছত পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা।হাৰিয়ানা বিজেপি নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷
যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰে৷ ৰাজপুত সেনাৰ যিগৰাকী যুৱকে ৫ কোটি টকা ঘোষণা কৰিছে তেওক শুভেচ্ছা যাচে বিজেপিৰ নেতাগৰাকীয়ে৷ আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷এইবাৰ এগৰাকী লোকে হিন্দী বোলছবি খন বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে চূড়ান্ত সিন্ধান্ত ললে এগৰাকী যুৱকে।
সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত পদ্মাৱতী বোলছবিৰ বহু বিতৰ্কৰ পিছত ছবিখনৰ কাহিনীক লৈ আপত্তি থকা যুৱক এজনে আত্মহত্যা কৰে৷ ৰাজস্থানৰ জয়পুৰ চহৰৰ বিখ্যাত নাহৰগঢ় দূৰ্গত শুকুৰবাৰে পুৱা প্ৰাতঃ ভ্ৰমনলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে দূৰ্গৰ দেৱালত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ৷
এইবাৰ যেন পদ্মাৱতী বিতর্কত সকলো সীমা পাৰ কৰি দিলে বিজেপী নেতাই। পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নাক কটাৰ হুমকি দিলে বিজেপি নেতাই৷ পিছে নেতা গৰাকী অন্য কোনো নহয়, সুৰজ পাল আমু হে ৷ পুনৰ পদ্মাৱতী সন্দৰ্ভত বিদ্ৰোহী সূচক মন্তব্য আগবঢ়ালে বিজেপী নেতাগৰাকীয়ে৷
কিছু দিন পূৰ্বে পদ্মাৱতী ছৱিৰ নায়িকা দীপিকা পাডুকন আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ দাম ঘোষণা কৰিছিল তেওঁ। এইবাৰ আকৌ অভৱ্য মন্তব্য কৰে মুখ্যমন্ত্ৰী মমতাৰ বিৰুদ্ধে। সঞ্জয়-দীপিকা হঁতৰ মুৰৰ মুল্য ১০ কোটি দিয়াৰ লগতে মমতা নাক কাটিব বুলি কয়৷
উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰতি থকা ভাল বন্ধুত্বৰ বাবেই পশ্চিমবংগত পদ্মাৱতীৰ মুক্তিৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব বুলি শুকুৰবাৰে প্ৰকাশ কৰিছিল মমতাই৷ তাৰ পিছতেই বিজেপি নেতাৰ ৰোষত পৰে মমতা। সুৰজ পাল আমুৱে কোনো কোনো মহিলাৰ ৰাক্ষসী প্রবৃত্তি থাকেই, যিদৰে শূর্পণখাৰ আছিল। শূর্পণখাৰ নাক কাটি উচিত কামেই কৰিছিল লক্ষ্মণে, সেয়ে তেওঁ মমতাৰ ক্ষেত্ৰতো তেনে কৰি উচিত কাম কৰিব বুলি কয়৷