ডিজিটেল ডেস্কঃ ৰাজস্থানত যাত্ৰীবাহী বাছ দলঙৰ পৰা নৈত পৰি ৩২গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পৰে। মন্দিৰ দৰ্শন কৰিবলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত হয়। শনিবাৰে পূৱা ৰাজস্থানৰ মাধোপুৰৰ ডুবি অঞ্চলত সংঘটিত হয় এই ঘটনা।
এই ঘটনাত ৩২ জনকৈ লোকৰ মৃত্যু হয়। কথমপি প্ৰাণ ৰক্ষা পৰা আন ৭ জন তীৰ্থ যাত্ৰীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে ৩গৰাকী তীৰ্থ যাত্ৰী অদ্যাপি নিৰুদ্দেশ হৈ আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এখন যাত্রীবাহী বাছ ভাড়া কৰি হিন্দুয়ান চহৰৰ একাংশ লোকে মাধোপুৰৰ মালানা দাবি অঞ্চলৰ এটা মন্দিৰত দৰ্শন কৰিবলৈ আহে।
দৰ্শনাৰ্থীসকলৰ বাছখনে ১০০ ফুট উচ্চতাৰ পৰা মোৰেল নৈক বাগৰি পৰে। নৈ খনৰ দলঙত বাছ খন উঠাৰ পিছতে চালকে নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে। ইপিনে আৰক্ষীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ লগতে আহঁত সকলক চিকিৎসালয়ত ভৰ্তি কৰে।