ডিজিটেল ডেস্কঃ আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেই শিশুক যেতিয়া অন্যায়-অবিচাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হয় তেতিয়া সেই শিশুটো কিদৰে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব তাক লৈ সকলোৰে মাজত এক চিন্তাৰ বিষয় হৈ পৰে।
বৰ্তমান যি হাৰত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে শিশুৰ ওপৰত শাৰিৰিক তথা যৌন নিৰ্যাতন সংঘটিত হব ধৰিছে সেই তথাত লক্ষ্য কৰি সকলোৰে মনত এটাই প্ৰশ্নৰ উদ্ৰেক ঘটিছে যে নিৰ্যাতিত শিশুটো কিদৰে ভৱিষ্যতত সমাজত নিজকে থিয় কৰাবলৈ সক্ষম হ’ব।
সকলো সময়তে তেওঁৰ মনত জীৱনত ঘটা ঘটনাই ক্ৰিয়া কৰি থাকিব।তেতিয়াই তেওঁ মানসিক ভাবে দূৰ্বল হৈ পৰাটো স্বাভাৱিক বুলি ধৰি ল’ব পাৰি। সেইবাবে আমাৰ দেশখনত শিশুৰ ওপৰত চলা নিৰ্যাতন শীৰ্ঘে বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে ভৱিষ্যতত ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ’ব তাক আমি কল্পনা কৰিব নোৱাৰিম।
তৰে মাজতে দেশৰ ৰাজধানী চহৰত ২ শিশুক ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত সকলোৰে চকু কপালত তুলিছে।
জঘন্য ঘটনা সংঘটিত হৈছে নতুন দিল্লীত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক আটক কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৬০ বছৰীয়া মহম্মদ জইনুল নামৰ শ্ৰমিকজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ ৫ আৰু ৯ বছৰৰ শিশুক চকলেটৰ লোভ দেখুৱাই ঘৰলৈ নিয়ে। ঘৰতে কন্যা শিশু দুটিৰ ওপৰত যৌন নিৰ্যাতন চলাই।
পিছত উক্ত ঘটনা সন্দৰ্ভত মুখ নুখলিবলৈ ভয় দেখুৱায় আৰু হাতত ৫ টকা দিয়ে। ইফালে ভয়তে শিশু দুটিয়ে প্ৰথমে কাৰো আগত ঘটনা সন্দৰ্ভত মুখ খােলা নাছিল যদিও পিছত প্ৰচণ্ড যন্ত্ৰণাত চটফটাবলৈ ধৰে এটি শিশুৱে।সোধা পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
পিছত শিশু দুটিৰ শ্ৰমিক পিতৃ-মাতৃয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত জইনুলক আটক কৰে। অভিযুক্তক শিশু দুটিয়েও চিনাক্ত কৰে। জইনুলক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে আদালতে।