গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে মুখ থেকেচা খালে৷ গুৱলাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘ দিনৰ শুনানীৰ অন্তত NSAৰ পৰা মুক্ত কৰিলে অখিল গগৈক৷ বহু-জল্পনাৰ অন্তত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ পৰা মুক্ত হ’ল অখিল গগৈ৷ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে৷ অখিল গগৈৰ NSA গোচৰৰ ৰায় বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে।
NSAৰ অধীনত গ্ৰেপ্তাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতি তথা অখিলৰ পৰিয়ালে প্ৰত্যাহ্বান জনাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘ শুনানীৰ অন্ত পৰে সোমবাৰে৷ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে NSA থাকিব নে নাই তাৰ ৰায় প্ৰদান কৰাৰ সময়লৈকে উৎসুকতাৰে ৰৈ আছিল ৰাজ্যৰ অগণন লোক৷ অধিবক্তা নিলয় দত্তই অখিলৰ হৈ ওকালতি কৰিছিল। অখিল গগৈক যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা জেলত বন্দী কৰি ৰাখিছিল ৰাজ্য চৰকাৰে৷
তাৰ মাজতে একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে কাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে চৰকাৰে৷ জেলত বন্দী কৰি ৰখা অখিল গগৈক মুক্তি দিবৰ বাবে ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে৷
সততে ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্য খনৰ পৰা দেশৰ ৰাজধানী দিল্লীতো হৈছিল প্ৰতিবাদ৷ দিল্লীত দেশৰ কেইবাগৰাকী আগশাৰীৰ কৃষক নেতাৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষকে অখিলক মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে৷
ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা গেঞ্জী-লুঙী পিন্ধি টিভিত বাতৰি চাই থাকোতেই কৃষক নেতা অখিলক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত অখিলক গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ ঘৰত গেঞ্জী আৰু লুঙী পিন্ধি থকা অৱস্থাতে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি জোৰ-জুলমুকৈ গাড়ীত উঠাই ডিব্ৰুগড়লৈ আনিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে।
১২ ছেপ্তেম্বৰত ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে। এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।