♦ ওৰাঙত মন্ত্ৰী ভৱেশ কলিতাৰ ভাষ্য

ওদালগুৰিঃ 'অগপৰ মুখ্য কাৰ্যালয় আমবাৰী এতিয়া আদহিয়া মানুহৰে ভৰি পৰিছে৷ ১৯৮৫ৰপৰা এতিয়ালৈকে তেওঁলোকে গাদি খামুচি ৰাখিছে। যুৱ-প্ৰজন্মৰ স্থান নাই অ গ প দলত। যাৰ বাবে অস্তিত্বৰ সংকটত পৰিছে আঞ্চলিক দল অ গ প। অ গ পৰ নেতৃত্বই আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে। প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, অতুল বৰাৰ দৰে নেতা আজি নিৰ্বাচন খেলাৰ বাবে অযোগ্য। তেওঁলোকে ৰাজনীতিৰপৰা সন্যাস লৈ নতুন আৰু শিক্ষিত যুৱ প্ৰজন্মক দলটো চলাবলৈ আগুৱাই দিৱ লাগে।' 

এই ভাষ্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী ভৱেশ কলিতাৰ। শুকুৰবাৰে কলিতাই ওদালগুৰি জিলাৰ ওৰাঙত 'নিয়ৰ নিৰ্মল' নামৰ এক গেছ এজেঞ্চী মুকলি অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে।

লগতে মন্ত্ৰীগৰকীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে বি জে পিয়ে যুৱ-প্ৰজন্মক অগ্ৰাধিকাৰ দিছে৷ যাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় দলটোৱে সফলতাৰ মুখ দেখিছে। যুৱ-প্ৰজন্মৰ হাতত অ গ প দল এৰি দিলেহে আগন্তুক দিনবোৰত অ গ প নামৰ আঞ্চলিক দলটো অসমত বাচি থাকিব।

উল্লেখ্য যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক দলৰ শোচনীয় ফলাফলৰ পাছত শুকুৰবাৰে ওদালগুৰি জিলাৰ ওৰাঙত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰাজ্যৰ ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই অ গ প নেতৃত্বক কটাক্ষ কৰাৰ লগতে একপ্ৰকাৰ নীতি পাঠ দিয়া দেখা গ'ল।

লগতে তেওঁ আঞ্চলিক দলটোৰ নেতৃত্বক কটাক্ষ কৰি কয় যে অ গ প দল কাৰো পৈত্ৰিক সম্পত্তি নহয়। ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগ, অসমীয়াৰ তেজেৰে জন্ম পোৱা এটি আঞ্চলিক দল। য'ত অসমীয়াৰ আবেগ, অনুভূতি জড়িত আছে বুলিও কেবিনেট মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

যিসযময়ত চৰকাৰৰ মিত্ৰজোঁটত থকা আঞ্চলিক দলটোৰ নেতৃত্ব‌ই যিকোনো মূহুৰ্তত মিত্ৰতা ভংগৰ ইংগিত দি আহিছে, তেনে সময়তে মন্ত্ৰী কলিতাই আঞ্চলিক দলটোক কটাক্ষ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াৰ প্ৰত্ত্যুত্বৰ অ গ পৰ নেতৃত্ব‌ই কেনেদৰে দিয়ে সেয়া লক্ষণীয় হ'ব।