ওদালগুৰিঃ ৰাফাল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছ দলৰ আচৰণৰ বিৰুদ্ধে বুধবাৰে ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিয়ে।
ওদালগুৰি জিলা সদৰৰপৰা চহৰখনৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই বি জে পি নেতা-কৰ্মীসকলে জিলা উপায়ুক্ত কাৰ্যালয় অভিমুখে গতি কৰে। উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছত কৰ্মীসকলে চৌহদৰ সমীপত অৱস্থান গ্ৰহণ কৰে।
আনহাতে বি জে পিৰ জিলা সভাপতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে প্ৰশাসনৰ অনুমতিসাপেক্ষে উপায়ুক্ত কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি অতিৰিক্ত উপায়ুক্তৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক-পত্ৰখন জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয় বুলি বি জে পি নেতৃত্বই সাংবাদিকক জানিবলৈ দিয়ে।
উল্লেখ্য যে আজিৰ প্ৰতিবাদী সমদলত বি জে পিৰ কৰ্মীৰ উপস্থিতি আশানুৰূপ নাছিল। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জিলা বি জে পিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, জিলা বি জে পি যুৱ মৰ্চাৰ সভাপতি-সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, নৱজিৎ দাসৰ লগতে আন আন বি জে পি কৰ্মীসকল।