♦ গাৱেঁ-গাৱেঁ চলিছে হোলীগীতৰ আখৰা
ওদালগুৰিঃ ৰঙৰ উৎসৱ ফাকুৱা পালেহিয়েই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফাকুৱা তথা হোলীক লৈ আৰম্ভ হৈছে ব্যাপক আনন্দ-উচাহ।
২১ মাৰ্চ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যই ব্যাপক আনন্দ-উচাহৰ মাজেৰে পালন কৰিব এই হোলী। কিন্তু কিছু ক্ষেত্ৰত ব্যতিক্ৰমী হিচাপে পৰিগণিত সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ।
এই সত্ৰৰ ৰীতি-নীতিক আদৰ্শ হিচাবে লৈ ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ২২ মাৰ্চ শুকুৰবাৰে পালন কৰা হ’ব সুঁৱেৰী উৎসৱ তথা হোলী। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো অহা ২০ মাৰ্চৰপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন আয়োজন কৰিছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
সেই অনুসৰি ২০ মাৰ্চত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা তথা গন্ধ উৎসৱ। সইদিনা কলীয়া ঠাকুৰ গোসাঁইক গায়ন-বায়নেৰে সত্ৰৰ মণিকূট গৃহৰপৰা উলিয়াই আনি সত্ৰৰ চোতালত এখন শৰাইৰ ওপৰত ৰাখি সত্ৰৰ চোতালত প্ৰজ্বলিত মেজিৰ চৌপাশ পৰিভ্ৰমণ কৰাব।
২১ মাৰ্চত পালন কৰা হ’ব ভৰদৌল। উক্ত দিনা বিয়লি অনুষ্ঠিত হ’ব বাটৰ হোলী প্ৰতিযোগিতা। আনহাতে ২২ মাৰ্চত পালন কৰা হ’ব সুঁৱেৰী তথা ৰঙৰ উৎসৃৱ ফাকুৱা। অৰ্থাৎ উক্ত দিনা বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি সকলোৱে হোলী খেলিব।
ইফালে বাটৰ হোলী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিভিন্ন হোলীৰ দলসমূহে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। চহৰখনৰ গাৱেঁ-গাৱেঁ এতিয়া হোলী গীতৰ মধুৰ ধ্বনিয়ে দুগুণে বৃদ্ধি কৰিছে উৎসৱটিৰ মাদকতা।
চহৰখনৰ কণ কণ শিশুৰপৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে নিজৰ ব্যস্ততাৰ জীৱনৰ মাজতো কিছু সময় উলিয়াই এতিয়া হোলীগীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। বাটৰ হোলী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ওদালগুৰি চহৰৰ বিভিন্ন হোলী গীতৰ দলসমূহৰ লগতে সমীপৱৰ্তী অঞ্চলৰ দলসমূহেও শেষ আখৰাত ব্যস্ত হৈ পৰিছে। একপ্ৰকাৰ ক’বলৈ গ'লে ফল্গুৎসৱ তথা দৌল উৎসৱক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত।