♦ দক্ষতা বিকাশৰদ্বাৰাই দেশৰ নিৱনুৱা সমস্যা হ্ৰাস পাবঃ ৰিহন
ওদালগুৰিঃ অসম দক্ষতা বিকাশ মিছনৰ সহযোগত সোমবাৰে ওদালগুৰিৰ সাপেখাইটিস্থিত আস্থা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত সুৰক্ষা স্কীল এণ্ড ছলিউশ্বন কেন্দ্ৰ মুকলি কৰা হয়।
এই উপলক্ষে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰশিক্ষাৰ্থী আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যালয় চৌহদত এক সভা অনুষ্ঠিত হৈ যায়। বি টি চি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই ওদালগুৰিৰ দক্ষতা বিকাশ অভিযানৰ ডি পি এম ফাৰুক আহমেদে।
এই কেন্দ্ৰৰদ্বাৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ কাটিং, ড্ৰাইভিং, বিউটীচিয়ান আৰু কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰা হ’ব। প্ৰায় চাৰি মহীয়া প্ৰশিক্ষণৰদ্বাৰা প্ৰশিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব বুলি আহমেদে ভাষণ প্ৰসংগত উল্লেখ কৰে।
সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে প্ৰশিক্ষণ ল’বলৈ আগবাঢ়ি অহা প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আমাৰ দেশৰ নিৱনুৱাৰ সংখ্যা যথেষ্ট। সকলোৱে চৰকাৰী চাকৰিৰ আশাত বহি থকা দেখা যায়। কিন্তু সকলো শিক্ষিত নিৱনুৱাই চৰকাৰী চাকৰি লাভ কৰাটো সম্ভৱপৰ নহয়। আজিৰ প্ৰজন্মই দক্ষতা বিকাশৰদ্বাৰা বিভিন্ন কৰ্মত মনোনিৱেশ কৰি দেশৰ নিৱনুৱা সমস্যা হ্ৰাস কৰাত অৰিহণা যোগাবলৈ আগবাঢ়ি আহিব লাগে। ইয়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণৰ উপৰিও দক্ষতা বিকাশৰ বাবে বিভিন্ন পাঠ্যক্ৰমৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আছে। এইবোৰৰ সুযোগ আমাৰ নতুন প্ৰজন্মই গ্ৰহণ কৰাটো উচিত। এনে ধৰণৰ কৰ্মৰদ্বাৰাহে দেশৰ নিৱনুৱা সমস্যা হ্ৰাস হোৱাটো সম্ভৱপৰ।
ইফালে আজিৰ প্ৰজন্মই কৰ্মতকৈ অন্য আধুনিকতাৰ জগতলৈ আগ্ৰাসন হোৱা কাৰ্যক মন্ত্ৰী ৰিহন দৈমাৰীয়ে সমালোচনা কৰে। এটা দামী ম’বাইল অথবা এখন দামী মটৰ চাইকেল ক্ৰয়ৰ নামত আজিৰ যুৱ প্ৰজন্মই বেংকৰপৰা ঋণ লয় আৰু এই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত বেংকসমূহে ঋণ প্ৰদান কৰাটো বন্ধ কৰা বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কোনো এক দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰি বেংকৰপৰা ঋণ গ্ৰহণ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়।
বিউটীচিয়ান প্ৰশিক্ষণৰ অন্তত প্ৰথম দহগৰাকী প্ৰশিক্ষাৰ্থীক মন্ত্ৰীগৰাকীয়ে বিউটীকিট প্ৰদান কৰিব বুলি দৈমাৰীয়ে ঘোষণা কৰে। সভাত কেন্দ্ৰটোৰ সঞ্চালক ৰবি কংকনীয়ে ভাষণ প্ৰসংগত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ লগতে এই পাঠ্যক্ৰমৰদ্বাৰা বিভিন্ন দিশত নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিব পৰা যায় সেই সম্পৰ্কে উল্লেখ কৰে।
আজিৰ এই সভাতে চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰদ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিধায়ক চৰণ বড়ো, ওদালগুৰি চক্ৰ বিষয়া পিংকি বৰগয়াৰী, জিলা উদ্যোগ বিভাগৰ মুখ্য প্ৰৱন্ধক বিদ্যুৎ বিকাশ ভূঞাই।