কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰীগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ধৰমপুৰ গাঁৱৰ এগৰাকী বৃদ্ধাক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ দ্বিতীয় পুত্ৰ বিৰণ বসুমতাৰীয়ে সদৰী কৰা মতে মাতৃ অথে বসুমতাৰী(৪৫)য়ে জিলাখনৰ আওডু বজাৰত চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল।
অইন দিনৰ দৰে যোৱা কালিও অথে বসুমতাৰীয়ে চাহ দোকান বন্ধ কৰি সন্ধিয়া ৬.৪৫ বজাত নিজৰ বাহগৃহ অভিমুখে আহি থকা সময়তে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰি পেলাই থৈ যায়। উল্লেখযোগ্য যে অথে বসুমতাৰীয়ে স্বামী বিজয় বসুমতাৰীৰ মৃত্যুৰ পিছত অকলশৰীয়াভাৱে বসৱাস কৰি চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰিছিল।
আনহাতে দুই পুত্ৰ ক্ৰমে ক্ৰমে-বিৰন বসুমতাৰী আৰু অৰ্জুন বসুমতাৰীয়ে বিবাহ পাশত আৱদ্ধ হৈ মাতৃ অথে বসুমতাৰীক এৰি সুকীয়াভাৱে বসৱাস কৰি আহিছে। বৰপুত্ৰ বিৰন বসুমতাৰীয়ে তেওঁৰ মাতৃক হত্যা কৰা ঘটনাৰ সতে জোৱাই মন্টু বসুমতাৰী জড়িত থকা বুলি অভিযোগ কৰিছে৷
তেওঁ অভিযোগ কৰামতে যোৱা অম্বুবাছীৰ দিনাই ঘৰুৱা কাজিয়া সৃষ্টি কৰিছিল জোৱাই মন্টু বসুমতাৰীয়ে। কাজিয়া সৃষ্টি কৰাক লৈ অথে বসুমতাৰীয়ে জোঁৱাই মন্টু বসুমতাৰীক গালি পাৰিছিল বুলি পুত্ৰ বিৰন বসুমতাৰীয়ে অভিযোগ কৰে ৷ ইপিনে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়া হৈছে ৷