লালুকঃ একৈশ শতিকাতো অন্ধবিশ্বাসৰ মাজতে জীয়াই আছে বহু লোক৷ লালুকত সৰ্প দংশন মৃত্যু হোৱা এগৰাকী লোকক নৈত উটুৱাই দিয়া ঘটনাই ইয়াকে প্ৰমাণ কৰিছে।
অন্ধবিশ্বাসৰ বলি হৈ সৎকাৰৰ সলনি নৈত উটুৱাই দিয়ে খোদ পৰিয়ালে৷ লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ গুবিন্দপুৰ গাঁৱৰ এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ আজি সৰ্প দংশনৰ ফলত মৃত্যু ঘটে৷
জানিব পৰা মতে আজি পুৱাই বৃদ্ধজনক বিষাক্ত সৰ্পই দংশন কৰে যদিও পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়াৰ সলনি ঘৰতে ৰাখি বেজৰ দ্বাৰা জৰা-ফুকা আৰম্ভ কৰে৷
তাৰ মাজতে বৃদ্ধজনৰ মৃত্যু ঘটে বুলি প্ৰত্যশদৰ্শীয়ে পৰিয়ালক জনাই যদিও ৰাইজৰ কথা নুশুনি কেৱল বেজৰ কামত সহযোগিতা কৰে৷
বিয়লি পৰ্যন্ত কোনো সুফল লাভ নকৰাত ৰাইজক সৎকাৰ কৰিবলৈ নিদি জীৱনৰ মুক্তি পোৱাৰ আশাত নৈত উটুৱাই দিয়ে মৃতদেহটো৷ ইয়াকে লৈ একাংশ ৰাইজ আৰু পৰিয়ালৰ মাজত তৰ্কা-তৰ্কি হোৱা বুলি জানিব পৰা গৈছে৷
বিজ্ঞানৰ অগ্ৰগতিৰ মাজতে এনেদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হোৱা একাংশ লোকক লৈ বিপাঙত পৰিছে সচেতন ৰাইজ৷